কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে তুলিলে কঠিয়া

তিনিচুকীয়া জিলা ডিগবৈ টিংৰাইত আজি কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কঠিয়াতলীত কঠিয়া তোলাৰ শুভাৰম্ভ কৰে ৷ অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা জিলাখনৰ  বান পিড়িত কৃষক সকলক ধানৰ কঠিয়া যোগান আঁচনিৰ আজি কেন্দ্ৰীয় মন্ত্ৰীজনে শুভাৰম্ভ কৰে | মন্ত্ৰীজনৰ লগত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনো এই কাৰ্যসূচীত উপস্থিত থাকে ৷ কিৰন কৃষক আত্মসহায়ক গোটে চৰকাৰী এই আঁচনিৰ অধিনত প্ৰায় ৪০ বিঘাত বান পিড়িত কৃষকক সাহাৰ্য্য প্ৰদানৰ উদেশ্যেৰে কঠিয়া সিঁচিছিল| আজি কৃষক গোটৰ দ্বাৰা আয়োজিত এই কঠিয়া তোলা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলি উপস্থিত থাকি অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা গ্ৰহণ কৰা এই পদক্ষেপে  বান পিড়িত কৃষক সকলক যথেষ্ট সকাহ দিব বুলি মত ব্যক্ত কৰে|