বোকাখাতৰ ব্যৱসায় প্ৰতিষ্ঠানত অগ্নিকাণ্ড : লক্ষাধিক টকাৰ সম্পত্তি নষ্ট :

AIIDESH NEWS : 22nd April :

লকডাউনৰ মাজতেই হোৱা ধুমুহা বৰষুণ আৰু প্ৰৱল শিলাবৃষ্টিৰ পাচত বুধবাৰৰ পুৱাতেই  বোকাখাত নগৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘৰ্টিত হয় ৷ নগৰ খনৰ জে ডি এচ জি মহাবিদ্যালয়ৰ সমীপতে ১ নং ৱাৰ্ডত এই অগ্নিকাণ্ড সংঘৰ্টিত হয় ৷ মথুৰা প্ৰসাদ জয়ছোৱাল নামৰ এজন ব্যৱসায়ীৰ বাসগৃহ আৰু লগতে থকা গেলামালৰ দোকান  এই অগ্নিকাণ্ডত ভস্মিভূত হয় ৷ অগ্নি সংযোগৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুতৰ চৰ্ট চাৰ্কিটৰ পৰাও এই অগ্নিকাণ্ডৰ সুত্ৰপাত হব পাৰে বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ পুৱাতে সংঘৰ্টিত এই  অগ্নিকাণ্ডত মথুৰা প্ৰসাদ জয়ছোৱাল নামৰ ব্যৱসায়জনৰ প্ৰায় পাঁচ লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায় ৷ ঘটনাত কোনো লোকৰ হানি বিঘিনি হোৱা নাই ৷ ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিৰ্বাপিত কৰে ৷