ধুমুহাত বোকাখাতৰ বহু গাওঁ ক্ষতিগ্ৰস্ত : যাতায়ত আৰু বিজুলী ব্যাহত : কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন শিৱিৰৰো ক্ষতি :

ধুমুহাত বোকাখাতৰ বহু গাওঁ ক্ষতিগ্ৰস্ত : যাতায়ত আৰু বিজুলী ব্যাহত : কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বন শিৱিৰৰো ক্ষতি :
: :

কভিড ১৯ ৰ সংক্ৰমণে দেশৰ জনসাধাৰণক জুৰুলা কৰাৰ সময়তে অসমৰ ওপৰেদি পাৰহৈ যায় এক প্ৰলয়ংকাৰী ধুমুহা ৷ বিয়লি অহা এই ধুমুহাই বোকাখাত মহকুমাৰ বহু গাওঁৰ বহু লোকৰ বিস্তৰ ক্ষতিসাধন কৰে ৷ প্ৰায় এঘন্টা ধৰি চলা এই ধুমুহাই বোকাখাতৰ জাপৰিপথাৰ , ডিফলুপথাৰ , দেৰগঞা পাম , পলাশগুৰি , টিপুজান , বিজুলী গাওঁ, ধনশিৰিমুখ , কানুটিকা , গেলেকা, লখৌজান , ৰজাবাৰী , মৰিয়াহোলাকে, নিকৰিঘাট, কুৰুৱাবাহী, পৰঙনীয়া , যোগনীয়া, বিহৰা চাহ বাগিছাকে আদি কৰি বিভিন্ন গাওঁৰ সহস্ৰাধিক লোকৰ বাসগৃহ ধ্বংস কৰে ৷ বহু বিদ্যালয় আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰো ক্ষতি সাধন কৰে ৷ বোকাখাতৰ বহিখোৱাৰ পথাৰত নিৰ্মানৰত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় খনৰ চাল আৰু বেৰ উৰুৱাই নিয়ে বিয়লিৰ ধুমুহাই ৷ পাৰহৈ যোৱা ধুমুহাত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই যদিও বহুলোকৰ সা সম্পতি আৰু শস্যৰ ভৰাল নষ্ট হৈছে ৷ বহু স্থানত গছ উভালি পৰি পথ সংযোগো বিচিন্ন হৈ পৰিছে ৷ গছ পৰি বিজুলী তাঁৰ চিঙিছে বহু স্থানত ৷ পথ অৱৰুদ্ধ হোৱা স্থানত গছ কাটি পথ মোকলোৱা কামত ব্যস্ত হৈছে পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মী সকল ৷ আনহাতে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাৰ বাসগৃহৰ সন্মুখত ৩৭ নং ঘাইপথত বাগৰি পৰা এজোপা গছ অভিনেতা গৰাকীয়ে নিজেই দা-কুঠাৰ মাৰি কাটি ৰাষ্ট্ৰীয় ঘাইপথটি মুকলি কৰে ৷ সমগ্ৰ বোকাখাত এতিয়া বিজুলী সংযোগ বিছিন্ন হৈ আছে ৷ বিয়লিৰ এই ধুমুহাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰো বহু বনশিৱিৰৰ ক্ষতি সাধন কৰে ৷  ইফালে লক ডাউন চলি থকাৰ সময়ত সকলো দোকান বন্ধ থকাৰ বাবে ঘৰ নিৰ্মানৰ  প্ৰয়োজনী সামগ্ৰী যেনে তাঁৰ, গজাল, টিনপাত ইত্যাদিকলৈ সমস্যাত পৰিছে সৰ্বসাধাৰণ ৷ গৃহহীন হোৱা বহু পৰিয়াল এতিয়া মুকলি আকাশৰ তলতে কটাব লগীয়াও হৈছে ৷