গোলাঘাটৰ বকিয়াল মহল তিনিআলিত বনৰীয়া হাতীৰ গছকত প্ৰাণ গ’ল পিতা পুত্ৰৰ :

গোলাঘাটৰ বকিয়াল মহল তিনিআলিত বনৰীয়া হাতীৰ গছকত প্ৰাণ গ’ল পিতা পুত্ৰৰ  :
Photo by : Gourisankar Dekaphukan

গোলাঘাটৰ বকিয়াল মহল তিনিআলিত বনৰীয়া হাতীৰ গছকত প্ৰাণ গ’ল পিতা পুত্ৰৰ  : 


Aiidesh News:  15 September  :


গোলাঘাট জিলাৰ বকিয়ালৰ মহল তিনিআলিত বৃহস্পতি বাৰৰ পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত পিতা পুত্ৰই শোকাবহ ভাৱে মৃত্যুক সাৱতি লয় ৷ নিহত পিতৃৰ নাম বিকাশ বৈষ্ণৱ আৰু নিহত হোৱা কনমানি দুবছৰীয়া শিশুটিৰ  জ্ঞানদ্বীপ বৈষ্ণৱ ৷ 


প্ৰাপ্য তথ্য মতে পুৱতি নিশা বনৰীয়া হাতীয়ে বিকাশ বৈষ্ণৱ নামৰ লোকজনৰ ঘৰ ভঙাৰ সময়ত কনমানি পুত্ৰক কোলাত লৈ পিতৃ বিকাশ বৈষ্ণৱয়ে পলায়নৰ চেষ্ট কৰোতেই মাটিত বাগৰি পৰে আৰু  তাতেই  হাতীয়ে দুয়োকে আক্ৰমন কৰে ৷ ফলত দুবছৰীয়া জ্ঞানদ্বীপৰ ঘটনাস্থলীতেই মৃত্যু হয় ৷ হাতীৰ উপৰ্যুপৰি আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হয় বিকাশ বৈষ্ণৱ ৷  কাষৰীয়া লোকে বিকাশ বৈষ্ণৱক মুমূৰ্ষুু অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক সাৱতি লয় । পিতা পুত্ৰ এই শোকাবহ মৃত্যুত সমগ্ৰ অঞ্চলত এতিয়া শোকৰ ছাঁ পৰিছে ৷

*******