বোকাখাতত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ জ্ঞান অন্বেষণৰ অভিনন্দন যাত্রাৰ বিশেষ কেন্দ্ৰীয় অনুষ্ঠান : দুই শতাধিক চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

বোকাখাতত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ জ্ঞান অন্বেষণৰ অভিনন্দন যাত্রাৰ বিশেষ কেন্দ্ৰীয় অনুষ্ঠান  : দুই শতাধিক চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  :
Aiidesh Photo

বোকাখাতত চুতীয়া জাতি যুৱ সন্মিলন অসমৰ জ্ঞান অন্বেষণৰ অভিনন্দন যাত্রাৰ বিশেষ কেন্দ্ৰীয় অনুষ্ঠান  দুই শতাধিক চুতীয়া জনগোষ্ঠীৰ কৃৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  : 

Aiidesh News  :  10 July  :

অসম চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আজি বোকাখাতত ৰাজ্যৰ চুতীয়া জনগোষ্ঠীৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ জ্ঞান অন্বেষণৰ অভিনন্দন যাত্রা শীৰ্ষক এই দিনজোৰা অনুষ্ঠানত ২০২২ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা ৰাজ্যখনৰ চুতীয়া জনগোষ্ঠীৰ দুই শতাধিক ছাত্ৰ ছাত্ৰীক চুতীয়া জাতি যুৱ সন্মিলনৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় ৷

দিন জোৰা এই অনুষ্ঠানৰ পুৱাতেই বৃক্ষৰোপন ৰোপণ কৰে চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পৰাগ শ‍ইকীয়াই ৷ পতাকা উত্তোলন কৰে কেন্দ্রীয় সমিতি সভাপতি সীমান্ত শ‍ইকীয়াই ৷ বীৰাংগনা সতী সাধনীৰ প্ৰতিকৃৰ্তিত বন্তি প্ৰজ্বলন কৰে  যুৱ পৰিষদৰ উপদেষ্টা দেৱ প্ৰদীপ বৰাই ৷

পৰৱৰ্তী সময়ত বোকাখাতৰ কেন্দ্ৰীয় বিহুতলীত আয়োজিত বৰ্নাঢ্য অনুষ্ঠানত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ স্থায়ী সমবেত সংগীত উন্মোচন আৰু পৰিৱেশন কৰা হয় ৷ গীতৰ কথা, সুৰ ও পৰিবেশক দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়ৰ প্ৰবক্তা জয়ন্ত বৰুৱাক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয় ৷ 

দুপৰীয়ালৈ কেন্দ্রীয় সমিতিৰ সভাপতি সীমান্ত শ‍ইকীয়াৰ পৌৰহিত্যত মুল কাৰ্যসুচী অনুষ্ঠিত হয় ৷ মুল অনুষ্ঠান উদ্বোধন কৰে সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ সভাপতি অমিয় বৰাই ৷ আদৰণী ভাষণ প্ৰদান কৰে চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্যামল জ্যোতি বৰাই ৷

অভিনন্দন অনুষ্ঠানত গোলাঘাটৰ শিক্ষাবিদ দীনেশ গগৈ , বোকাখাতৰ  প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া,  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, চুতীয়া জাতি সন্মিলনীৰ কাৰ্যকৰী সভাপতি জিতেন শইকীয়া, চুতীয়া জাতি মহিলা সন্মিলনীৰ উপ সভানেত্ৰী কুমকুম বৰা, লেখিকা সমাৰোহ সমিতিৰ সুবৰ্ণ শইকীয়া বৰদলৈ, চুতীয়া জাতি সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল মেধি, বোকাখাত জিলা সমিতিৰ সম্পাদক প্ৰশান্ত শইকীয়া, মহিলা সন্মিলনীৰ বিষয় ববীয়াৰ লগতে চুতীয়া জাতি যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ লগতে গোলাঘাট আৰু বোকাখাত জিলা সমিতিৰ বিষয় ববীয়াও উপস্থিত থাকে ৷ 

*******