পুৰ্বানুমান মতে ১৩ জুলাইৰ বিয়লিলৈ নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠই ২০১৮ চনৰ জলপৃষ্ঠৰ সৰ্বাধিক উচ্চতাৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনা :

পুৰ্বানুমান মতে ১৩ জুলাইৰ বিয়লিলৈ নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠই ২০১৮ চনৰ জলপৃষ্ঠৰ সৰ্বাধিক উচ্চতাৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনা  :

এইদেশৰ বিশেষ প্ৰতিবেদন :

পুৰ্বানুমান মতে ১৩ জুলাইৰ বিয়লিলৈ নুমলীগড়ত ধনশিৰি নদীয়ে ২০১৮ চনৰ জলপৃষ্ঠৰ সৰ্বাধিক উচ্চতাৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনা  :

Aiidesh News  : 7 July 2023 : 

সম্প্ৰতি উজনি অসমৰ সকলো স্থানতে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ । কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱাৰ তথ্য মতে উজনি অসমৰ বিভিন্ন লেভেল ষ্টেচনৰ তথ্য এনেধৰণৰ - 

নুমলীগড় - নুমলীগড়ত ধনশিৰিনদীৰ জলপৃষ্ঠ সংকেট সীমাৰ ০.০৬ মিটাৰ তলত আছে আৰু পানী বাঢ়ি আছে ৷ পুৰ্বানুমান মতে নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠই ১১ জুলাইৰ বিয়লিলৈ বিপদসীমা অতিক্ৰম কৰি ১৩ জুলাইত বিপদসীমাৰ পৰা ২.৫০ মিটাৰৰো ওপৰলৈ উঠাৰ সম্ভাৱনা আছে ৷ পানী বাঢ়ি থাকিলে নুমলীগড়ত ধনশিৰি নদীয়ে ২০১৮ চনৰ জলপৃষ্ঠৰ সৰ্বাধিক উচ্চতাৰ সীমা স্পৰ্শ কৰাৰ সম্ভাৱনা আছে ৷ ২০১৮ চনৰ ২ আগষ্টত নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ বিপদসীমাপৰা ২.৭৪ মিটাৰ ওপৰেদি প্ৰবাহিত হৈছিল আৰু এইয়া আছিল নুমলীগড়ত ধনশিৰি নদীৰ জলপৃষ্ঠ উচ্চতাৰ সৰ্বাধিক ৰেকৰ্ড । ৬ জুলাইত নুমলীগড়ৰ বৃষ্টি পাতৰ পৰিমান আছিল ১.০৯ মিমি ৷

ধনশিৰিমুখ - আজি পুৱাৰ তথ্য মতে ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ যোৱা নিশা ০০৫ মিটাৰ বৃদ্ধি পাইছে আৰু ধীৰ গতিত পানী বাঢ়ি আছে ৷ ১৩ জুলাইলৈ ধনশিৰিমুখৰ জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা আছে ৷  ৭ জুলাই পুৱা ধনশিৰি মুখৰ জলপৃষ্ঠ বিপদসীমাৰ ০.২৯ মিটাৰ তলত আছে ৷ বিগত ২৪ ঘন্টাত ধনশিৰিমুখৰ বৃষ্টিপাত ৭.৫ মিমি হোৱা বুলি জল সম্পদ বিভাগৰ তথ্যত প্ৰকাশ ৷

নিমাতীঘাট - ৬ জুলাই নিশা নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০০৭ মিটাৰ বৃদ্ধি পাইছে পুৰ্বানুমান মতে ৮ জুলাইত নিমাতীঘাটৰ জলপৃষ্ঠ বিপদসীমা অতিক্ৰম কৰি ১৩ জুলাই লৈকে উৰ্ধমুখী হৈ থাকিব ৷ বিগত ২৪ ঘন্টাত নিমাতীঘাটৰ বৃষ্টিপাত ৮.৬ মিমি হোৱাৰ তথ্য পোৱা গৈছে ৷

ডিব্ৰুগড় - ৭ জুলাই পুৱাৰ তথ্যমতে নিশাৰতোৰ ভিতৰত ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০১১ মিটাৰ বৃদ্ধি পাইছে আৰু ১৩ জুলাইলৈকে জলপৃষ্ঠ উৰ্ধগামী হোৱাৰ সম্ভাৱনা আছে ৷ সম্প্ৰতি বিপদসীমাৰ ০.৫৭ মিটাৰ তলত আছে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ৷

পাচিঘাট - অৰুণাচলৰ পাচিঘাটতো ৭ জুলাইৰ পুৱা ৭ বজাত উৰ্ধগামী চিয়াং নদীৰ জলপৃষ্ঠ বিগত ১২ ঘন্টাত পাচিঘাটত চিয়াং নদীৰ জলপৃষ্ঠ ০০৯ মিটাৰ বৃদ্ধি পাইছে ৷ পুৰ্বানুমান মতে অহা ১২ ঘন্টাত উৰ্ধমুখী হৈ থাকিব জলপৃষ্ঠ ৷ ৬ জুলাইত পাচিঘাটৰ বৃষ্টিপাত ৬৪.৪ মিমি ৷

ইংকিয়ং - অৰুনাচলৰ ইংকিয়ংৰ পৰা পোৱা তথ্য মতে ৬ জুলাইৰ  নিশাটোত ইংকিয়ংত চিয়াং নদীৰ জলপৃষ্ঠ ০.২৭ মিটাৰ বৃদ্ধি পাইছে আৰু জলপৃষ্ঠ উৰ্ধমুখী ৷

টুটিং - চীন সিমান্ত টুটিংত ৬ জুলাইৰ নিশা ০.৩৬ মিটাৰ বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ আৰু পানী বাঢ়ি আছে । বিগত সময়চোৱাত ২৪ টুটিংত মুঠ ১০.৮ মিলিমিটাৰ বৃষ্টিপাত হোৱাৰ তথ্য পোৱা গৈছে ৷

************