বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণী উৎসৱ : প্ৰথম দিনৰ কাৰ্যসুচীত ১২ খনকৈ গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থ উন্মোচন :

Aiidesh News : 17 October - 2025 :
১৯৬৪ চনতে প্ৰতিষ্ঠা লাভ কৰা বোকাখাতৰ যোগানন্দ দের সত্ৰাধিকাৰ গোস্বামী মহাবিদ্যালয় চমুকৈ জে ডি এছ জি মহাবিদ্যালয়ত ১৬ অক্টোবৰৰ পৰা দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হৈছে মহাবিদ্যালয় খনৰ হীৰক জয়ন্তী বৰ্ষৰ সামৰণী অনুষ্ঠান ৷ বছৰজোৰা কাৰ্যসুচীৰ শেষত আয়োজিত সামৰনী অনুষ্ঠানৰ ১৬ তাৰিখৰ প্ৰথম দিনৰ কাৰ্যসুচী মতে পুৱা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ তথা, হীৰক জয়ন্তী উদযাপন সমিতিৰ মুখ্য সম্পাদক ড৹ জয়ন্ত গগৈয়ে ৷ হীৰক জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে কেবিনেট মন্ত্ৰী তথা হীৰক জয়ন্তী উদ্যাপন সমিতিৰ সভাপতি অতুল বৰাই ৷ প্রাক্তন ছাত্র মঞ্চ পতাকা উত্তোলন কৰে মহাবিদ্যালয় খনৰ প্রাক্তন ছাত্র মঞ্চৰ কাৰ্যকৰী সভাপতি প্রশান্ত কুমাৰ ফুকনে ৷ পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ, ৬০ খন পতাকা উত্তোলন কৰে গোলাঘাট জিলাৰ অন্তৰ্গত মহাবিদ্যালয় সমূহৰ সন্মানীয় অধ্যক্ষ আৰু বোকাখাতৰ শিক্ষা আৰু সমাজ জীৱনৰ লগত জড়িত বিশিষ্ট ব্যক্তিসকলে ৷
ইয়াৰ পিচতেই দাতাৰ আৱক্ষ মূৰ্তিত মাল্যার্পণ কৰে কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিদ্যানন্দ দেৱগোস্বামীয়ে ৷ হীৰক জয়ন্তীৰ স্মৃতি সৌধ উন্মোচন কৰে মহাবিদ্যালয়খনৰ প্রথম বৰ্ষৰ প্ৰাক্তন ছাত্র তথা ৰজাবাৰী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্রধান শিক্ষক সুষময় পুৰকায়স্থই ৷ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পন কৰে অধ্যক্ষ ড৹ জয়ন্ত গগৈ আৰু অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই ৷ ছহীদৰ স্মৃতি তর্পণ কৰে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড° বিভা বৰাই ৷ ছহীদ তর্পণৰ পিচতেই
হীৰক জয়ন্তীৰ লগতে সংগতি ৰাখি আয়োজন কৰা গ্রন্থমেলা উদ্বোধন কৰে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড° জয়ন্ত বৰুৱাই ৷ পৰৱৰ্তী সময়ত গ্রন্থ উন্মোচন আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ , উচ্চ শিক্ষাত সফলতা, প্রত্যাহ্বান আৰু সম্ভাবনা শীৰ্ষক শৈক্ষিক আলোচনা চক্র অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰ সঞ্চালনা কৰে অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতি ড৹ ধর্মেন্দ্র নাথে ৷ আলোচনা চক্ৰত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয় পৰিদর্শক ৰূপম শইকীয়া, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তই আলোচক হিচাবে অংশ গ্ৰহন কৰে ৷ আলোচনাচক্ৰতে হীৰক জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ১২ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷
দুপৰীয়ালৈ আহাৰ বিৰতিৰ পিচত ন-পুৰণি ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী আৰু কৰ্মচাৰীৰ অন্তৰংগ আলাপৰ এক অনুষ্ঠান অনুষ্ঠিত হয় ৷ মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র তথা অৱসৰ প্ৰাপ্ত শিক্ষক সুষময় পুৰকায়স্থৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠান উদ্বোধন কৰে মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র তথা বিশিষ্ট কবি জীবন নৰহে ৷ বিয়লিৰ অনুষ্ঠানত প্রাক্তন ছাত্র মঞ্চৰ স্মৃতিগ্রন্থ হীৰক সম্ভাৰ উন্মোচন কৰে বিশিষ্ট কবি চেনীৰাম গগৈয়ে ৷ সন্ধ্যাৰ বস্তি প্রজ্বলন কাৰ্যসুচী ৰূপায়ন কৰে প্রাক্তন ছাত্র তথা বোকাখাতৰ বিশিষ্ট সমাজকর্মী মহাবীৰ প্ৰসাদ আগৰৱালাই ৷ শেষত 'সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সোঁৱৰণী সাংস্কৃতিক অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র তথা বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই ৷ সাংস্কৃতিক অনুষ্ঠান মহাবিদ্যালয় খনৰ প্ৰাক্তন তথা অধ্যয়নৰত ছাত্র-ছাত্রী, শিক্ষক গোট আৰু স্থানীয় শিল্পী সকলে গীত মাত পৰিৱেশন কৰে ৷ ইয়াৰ লগতে প্ৰথম দিনৰ কাৰ্যসুচী সামৰনী মৰা হয় ৷
**********