ৰ'টাৰী ক্লাবৰ উদ্যোগত নদীপৰীয়া গোলোং পাঠৰি অঞ্চলত বিনামূলীয়া স্বাস্থ্য আৰু চকু চিকিৎসা শিবিৰ :

ৰ'টাৰী ক্লাবৰ উদ্যোগত নদীপৰীয়া গোলোং পাঠৰি অঞ্চলত বিনামূলীয়া স্বাস্থ্য আৰু চকু চিকিৎসা শিবিৰ :
Aiidesh Photo

Aiidesh News  : 13 July 2023  :

গোলাঘাটত ৰ'টাৰী ক্লাবৰ উদ্যোগত ১২ জুলাইত বোকাখাত মহতুমাৰ গোলোং পাঠাৰি অঞ্চলত এক বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে । গোলোং পাঠাৰিৰ  মুৰুং ঘৰত আয়োজিত এই শিৱিৰত ডা০ মনীষ দত্ত, ডা০ বিদিশা, ডা০ চাকিল আহমেদ, ৬ গৰাকী নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীয়ে অঞ্চলটোৰ ৰোগীসকলক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামুলীয়া ঔষধো প্ৰদান কৰে । ২০১৬ চনত স্থাপন হোৱা গোলাঘাটৰ ৰ'টাৰী ক্লাবে ইতিমধ্যেই  জিলাখনৰ জিলাখনৰ ছাত্ৰ ছাত্ৰীৰ বাবে শৈক্ষিক সজাগতা, ৰোগীৰ সকলৰ বাবে স্বাস্থ্য শিবিৰ, নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আত্মনিৰ্ভৰশীলতাৰ  কৰ্মশালাকে ধৰি বহুতো ৰাজহুৱা কল্যাণমূলক কাৰ্যকলাপ কৰি আহিছে । 

স্বাস্থ্য পৰীক্ষা শিৱিৰটোত ক্লাবটোৰ সভাপতি মিনৱাৰা বেগম, ৰ'টাৰিয়ান বুলি গগৈ, ডা০ চাবিদুৰ ৰহমান, উপেন গোগোই, কুমুদ শইকীয়া, ৰমেশ গুপ্তা আৰু স্থানীয় সমাজকৰ্মী তুলাৰাম মেদক, দিলীপ মৰাং, জীৱন দলে , অতুল দলে, শিক্ষক ৰিজু বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক লবিৰাম মৰাং, নোবেন ডলী, নবেন দলেৰ লগতে স্থানীয় সাংবাদিক সকলো উপস্থিত থাকে ৷ গোলোং পাঠাৰি অঞ্চলত  আয়োজিত এই স্বাস্থ্য শিবিৰত প্ৰায় ২১৫ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । ইয়াৰে ১১ গৰাকী লোকৰ চকুত ছানিপৰা বুলি ধৰা পৰাত ৰ'টাৰী ক্লাবে এই লোকসকলৰ অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা কৰিব বুলি শিৱিৰতে ঘোষনা কৰে ৷

*********