বোকাখাতত সাহিত্য অন্বেষণৰ অষ্টম বৰ্ষপূৰ্তিৰ অনুষ্ঠান বৰ্ষ শ্ৰেষ্ঠ বঁটা প্ৰদান :
Aiidesh News : 15 March - 2026 :
ভাষা সাহিত্য চৰ্চাৰ গোট "সাহিত্য অন্বেষণ"ৰ অষ্টম বৰ্ষপূতি অনুষ্ঠান দেওবাৰে বোকাখাতৰ পুৱতি সাহিত্য সভাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় । অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কাব্য অনুৰাগীৰে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ আৰম্ভনূতে প্ৰয়াত শিল্পী জুবিন গাৰ্গ আৰু নাট্যকাৰ ৰফিকুল হুছেইনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উপৰিও স্মৃতি তৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলন কৰে উপদেষ্টা নিৰেন বৰদলৈয়ে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল কবি অজিৎ গগৈ , সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, সুৰ্বণ শইকীয়া বৰদলৈ , বুবুল দত্ত, গীতাঞ্জলি কলিতা, কল্পনা চেতিয়া আৰু অমৰ শৰ্মা । পৰৱৰ্তী সময়ত ৰিজুমণি বড়া হাজৰিকাৰ তত্বাৱধানত এটি দলে বৰগীত পৰিৱেশন আৰু বিজয় শৰ্মাৰ পৰিচালনাৰে আৰু ঊষাজোন ফুকন হাজৰিকাৰ সামগ্ৰিক পৰিকল্পনাৰে এটি কোৰাচ পৰিৱেশন কৰা হয় । সাহিত্য অন্বেষণৰ সভাপতি কেশৱ কুমাৰ শইকীয়াৰ পৌৰহিত্যত্ব অনুষ্ঠিত মুল সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক দৃষ্টিৰূপা বৰদলৈয়ে । এই অনুষ্ঠানতে "বাঁহী" নামৰ সাহিত্য অন্বেষণৰ মুখপত্ৰ উন্মোচন হয় । অনুষ্ঠানত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে উৎপলাক্ষী চেতিয়ায়ে । লগতে সাহিত্য, সংগীত সামাজিক ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা তিনিগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় । সাহিত্য অন্বেষণৰ ২০২৬-২৭ বৰ্ষৰ শ্ৰেষ্ঠ সাহিত্যি সন্মান বিশিষ্ট কবি, সাহিত্যিক বৰ্ণালী আৰন্ধৰাক, ২০২৬-২৭ বৰ্ষৰ শ্ৰেষ্ঠ কবি-গীতিকাৰ সন্মান বিশিষ্ট কবি, গীতিকাৰ মামনি দত্তক আৰু সাহিত্য অন্বেষণৰ ২০২৬-২৭ বৰ্ষৰ শ্ৰেষ্ঠ কবি আৰু সাহিত্য সন্মান বিশিষ্ট কবি সাহিত্যিক স্নেহা জোনাক দত্তক প্ৰদান কৰাৰ উপৰিও অষ্টম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি আয়োজিত ৰচনা,সাহিত্য, কবিতা, অণুগল্প, নীলা খামৰ চিঠি আদি বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগী সকলক পুৰস্কাৰ প্ৰদান কৰা হয় । এই অনুষ্ঠানত কবি অজিৎ গগৈয়ে সঞ্চালনা কৰা গীত, মাত কবিতাৰ সুৰীয়া দিন শীৰ্ষক এটি অনুষ্ঠানো অনুষ্ঠিত কৰা হয় । অনুষ্ঠানত প্ৰস্তুতি শৰ্মা, কৃষ্ণালীনা কলিতা, প্ৰীতিৰেখা ডেকা, অবিনাশ বাস্তৱ বৰা, উষা জোন ফুকন, কৃষ্ণাজ্যোতি জোনাক, পপী শইকীয়া, ৰিজু শইকীয়া বৰদলৈ, এনিশা কাশ্যপ, অংগৰিকা গগৈ, মনালিছা শইকীয়া, সুবৰ্ণ শইকীয়া বৰদলৈ, কল্পনা চেতিয়া, বিকাশ জ্যোতি শইকীয়া, স্নেহা জোনাক দত্ত আদিয়ে কবিতা পাঠ কৰে ।
********







