কাজিৰঙাত বন ছহীদ দিৱস উদযাপন : ৫৯ গৰাকী বন ছহীদৰ পৰিয়ালক সম্বৰ্ধনা প্ৰদান :
Aiidesh News : 12 September-2025 :
সমগ্ৰ দেশৰ লগতে ১১ ছেপ্তেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ৰাষ্ট্ৰীয় বন ছহীদ দিৱস পালন কৰা হয় ৷ এই উপলক্ষে ১১ ছেপ্তেম্বৰৰ পুৱা কঁহৰাত থকা সামাজিক বননিকৰণ বিভাগৰ বন ছহীদ স্মাৰক উদ্যানত বন ছহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰাৰ পিচতেই বন বিভাগৰ প্ৰেক্ষাগৃহত বন শ্বহীদ দিৱসৰ বিশেষ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ আৰম্ভনীতেই সুধাকন্ঠ ড৹ ভুপেন হাজৰিকা প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিচতেই কাজিৰঙা শীৰ্ষক সমবেত সংগীত পৰিবেশন কৰা হয় ৷ অনুষ্ঠানত বিগত সময়চোৱাত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া কাজিৰঙাৰ ৫৯ গৰাকী বন ছহীদৰ পৰিয়ালক একোটাকৈ স্মাৰক আৰু গামোছাৰে বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত উপস্থিত অতিথি সকলে এই সম্বৰ্ধনা জ্ঞাপন কৰে ৷ বন ছহীদ দিৱসৰ লগত আয়োজিত আজিৰ এই বিশেষ অনুষ্ঠানত অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব মহেন্দ্ৰ কুমাৰ যাদৱ, বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক ড৹ বিনয় গুপ্তা, ভাৰতীয় বন সেৱাৰ অৱসৰ প্ৰাপ্ত বনবিষয়া বি এছ বনাল , কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ অৰুণ বিঘ্নেশ,গোলাঘাট সামাজিক বনানিকৰণ বিভাগৰ ডি এফ অ’ স্বয়ংবিতা দত্তৰ উপৰিও বিভিন্ন বনাঞ্চলৰ বনাঞ্চলিক বিষয়া সকলৰ লগতে বন ছহীদ পৰিয়ালৰ সদস্য সকলৰ লগতে অৱসৰ প্ৰাপ্ত বন বিষয়া আৰু বন কৰ্মচাৰীও উপস্থিত থাকে ৷ অনুষ্ঠানতে কাজিৰঙাৰ প্ৰাক্তন সঞ্চালক পি শিৱকুমাৰ আৰু আকাশদীপ বৰুৱাই প্ৰেৰণ কৰা বিশেষ বাৰ্তা পাঠ কৰা হয় লগতে কাজিৰঙাৰ বন কৰ্মী আৰু বিষয়া সকলৰ কৃৰ্তি ছাত্ৰ ছাত্ৰীকো শৈক্ষিক সফলতাৰ বাবে একোটাকৈ স্মাৰক, পাঁচ হেজাৰ টকাৰ একোখনকৈ ৰাষ্ট্ৰীয় সঞ্চয় আঁচনিৰ পাচবুক আৰু গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ জে বি আইন বিদ্যালয়ৰ প্ৰবক্তা ড৹ জুৰি গোস্বামীৰ ৱাইল্ড লাইফ ল’ এণ্ড কাজিৰঙা নেচনেল পাৰ্ক নামৰ গ্ৰন্থখন আজিৰ অনুষ্ঠানতে উন্মোচন কৰা হয় ৷ গ্ৰন্থ উন্মোচন কৰে বি এছ বনাল আৰু এম কে যাদৱে ৷ হুকুমা বিল সমবায় সমিতিৰ দ্বাৰা উৎপাদিত কাঠফুলাৰ টোপোলা অনুষ্ঠানত উপস্থিত অতিথি সকলক প্ৰদান কৰে ৷ সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা বন ছহীদ দিৱসৰ আজিৰ অনুষ্ঠানতে প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তা, অতিৰিক্ত মুখ্য সচিব এম কে যাদৱ, প্ৰাক্তন সঞ্চালক,প্ৰাক্তন বন ছহীদৰ পৰিয়াল আৰু সম্বৰ্ধিত কৃৰ্তি ছাত্ৰ ছাত্ৰী সকলেও বক্তব্য দাঙি ধৰে ৷
**********