বোকাখাতৰ হংসধ্বনি সংগীত কলাকেন্দ্ৰৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস ⦂ ড ° অনিমা চৌধুৰীক কিৰণ লস্কৰ সোঁৱৰণি হংসধ্বনি সংগীত ৰত্ন বঁটা ⦂

বোকাখাতৰ হংসধ্বনি সংগীত কলাকেন্দ্ৰৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস ⦂ ড ° অনিমা চৌধুৰীক কিৰণ লস্কৰ সোঁৱৰণি হংসধ্বনি সংগীত ৰত্ন বঁটা ⦂
Aiidesh Photo

Aiidesh News ⦂ 2 December -2024 ⦂

বোকাখাতৰ অগ্ৰণী সংগীতানুষ্ঠান হংসধ্বনি কলা কেন্দ্ৰ্ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু কিৰণ লস্কৰ সোঁৱৰণি হংসধ্বনি সংগীত ৰত্ন বঁটা প্ৰদান অনুষ্ঠান ১ ডিচেম্বৰৰ সন্ধ্যা স্থানীয় নাট্য মন্দিৰত অনুষ্ঠিত হয় ৷  অনুষ্ঠানৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই । মন্ত্ৰী অতুল বৰাৰ উপৰিও অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, বিশিষ্ট সমাজ কৰ্মী দেৱপ্ৰদীপ বৰা বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, অধিবক্তা জগত কলিতা আদিৰ উপস্থিতত আয়োজিত এই অনুষ্ঠানতে অসমৰ বিশিষ্ট কন্ঠশিল্পী ড°অনিমা চৌধুৰীক কিৰণ লস্কৰ সোঁৱৰণি হংসধ্বনি সংগীত ৰত্ন বঁটা প্ৰদান কৰা হয় ৷ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি বোকাখাত নাট্য মন্দিৰৰ প্ৰদান কৰে। হংসধ্বনি  সংগীত কলা কেন্দ্ৰৰ অধ্যক্ষ , বিশিষ্ট সংগীতজ্ঞ শিবানন্দন শৰ্মাই হংসধ্বনিৰ সংগীত কলা কেন্দ্ৰৰ ৩১ বছৰীয়া পৰিক্ৰমাৰ বিৱৰণ দাঙি ধৰে ৷

বিজতৰীয়া সংস্কৃতিৰে চানি ধৰাৰ সময়ত হংসধ্বনি সংগীত কলা কেন্দ্ৰৰ বৰ্ষপুৰ্তি অনুষ্ঠানত অসমীয়া থলুৱা গীত মাত আৰু সত্ৰীয়া সংস্কৃতিৰ লগতে শাস্ত্ৰীয় সংগীতৰ মনোজ্ঞ অনুষ্ঠানে সকলোকে মোহিত কৰে ৷  অনুষ্ঠনত হংসধ্বনিৰ প্ৰথম গৰাকী বিশাৰদ সুমিত্ৰা ভৰালীক সম্বৰ্ধনা জনোৱাৰ উপৰিও অধ্যক্ষ শিৱানন্দ শৰ্মাৰ সংগীত পৰিচয় প্ৰথম খণ্ড নামৰ গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷ মুক্তিযোদ্ধা তিলক বৰাৰৰ সোঁৱৰণী মঞ্চত গ্ৰন্থখন উন্মোচন কৰে তেখেতৰ পুত্ৰ তেজপুৰৰ নেৰিআলম প্ৰতিষ্ঠানৰ সঞ্চালক ড৹ প্ৰদীপ বৰাই ৷ গ্ৰন্থ উন্মোচন অনুষ্ঠানত বোকাখাতৰ বিশিষ্ট চিকিৎসক ডা৹ অজিত মোৰ, জেষ্ঠ সাংবাদিক, পৰিৱেশ কৰ্মী উত্তম শইকীয়া আৰু ড৹ প্ৰদীপ বৰাৰ পৰিবাৰ অধ্যাপক সঞ্চিতা বৰাও উপস্থিত থাকে ৷ অনুষ্ঠানত বিশিষ্ট কন্ঠ শিল্পী প্ৰমোদ শৰ্মা, নয়নতৰা শৰ্মা আৰু ইলোৰা বৰুৱাৰ গীতৰ উপৰিও হংসধ্বনি সংগীত কলাকেন্দ্ৰৰ শিক্ষক আৰু শিক্ষাৰ্থী সকলো বিভিন্ন নৃত্য গীত, গীটাৰ আৰু ভায়োলিন বাদন পৰিবেশন কৰে ৷ হংসধ্বনি সংগীত কলাকেন্দ্ৰৰ বঁটা গ্ৰহন কৰি বিশিষ্ট সংগীত শিল্পী ড°অনিমা চৌধুৰীয়েও গীত পৰিৱেশন কৰি উপস্থিত সকলোকে  মুগ্ধ কৰে । 

*********