পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিত চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধিত চৰকাৰক  সমালোচনা ৰাহুল গান্ধীৰ
পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে তেলৰ মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে। কংগ্ৰেছ নেতাজনে কয় যে সমগ্ৰ বিশ্বতে এতিয়া খাৰুৱা তেলৰ দাম ইমান নিম্ন স্তৰলৈ গৈছে কিন্তু দেশত এতিয়াও কিয় পেট্ৰলৰ দাম ৬৯ টকা আৰু ডিজেলৰ ৬২ টকা। গান্ধীয়ে পুনৰ প্ৰশ্ন কৰে যে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰিবলৈ চৰকাৰে কিয় গুৰুত্ব দিয়া নাই। ইয়াৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় মন্ত্ৰী ৰামবিলাস পাছৱানে। কেন্দ্ৰীয় মন্ত্ৰী জনে টুইট কৰি কয় যে তেওঁ কব লাগে ছেনিটাইজাৰ আৰু মাস্ক নিৰ্মাণ কৰি দুখীয়া মানুহক প্ৰদান কৰি লাগে। তেওঁ ৰাজ্য সমূহলৈ গৈ চাব লাগে যে শ্ৰমিক সকল ভোকত আছে আৰু ৰাজ্য চৰকাৰক অথাবা আমাক জনাব লাগে।
উল্লেখ্য যে লকডাউনৰ পৰিপেক্ষিতত সমগ্ৰ বিশ্বতে অভিলেখ সংখ্যক ভাৱে খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছে। বিশ্বৰ সৰ্বাধিক তেল খৰচ হোৱা দেশ আমেৰিকাত ১৯৯৯ৰ পাছত তেলৰ চাহিদা হ্রাস পাইছে ৷ আমেৰিকাৰ তেলৰ বজাৰৰ বেঞ্চমার্ক হিচাপে চিহ্ণিত ৱেষ্ট টেক্সাছ ইণ্টাৰ মিডিয়েট (ডব্লিউটিআই)ৰ তৰফৰ পৰা সদৰী কৰা তথ্য অনুসৰি তেলৰ দাম প্রতি বেৰেলত ১৪ শতাংশ অর্থাৎ ১৫.৬৫ ডলাৰ হ্রাস পাইছে৷