তিতাবৰত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ

তিতাবৰত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ
বিধ্বংসী ধুমুহাৰ তাণ্ডৱ

এফালে ক'ৰ'নাৰ ভয়াবহতা অন্যহাতে প্ৰকৃতিৰ তাণ্ডৱলীলা। ক'ৰ'নাৰ আতংকই জনসাধাৰণক ভীতিগ্ৰস্ত কৰি ঘৰৰ ভিতৰত আৱদ্ধ কৰি ৰখাৰ সময়তে ৰুষ্ট প্ৰকৃতিয়েও ধৰিছে ৰুদ্ৰৰুপ। কালি নিশা তিতাবৰ মহকুমাৰ উপকণ্ঠ অঞ্চলৰ ওপৰেৰে পাৰ হৈ যোৱা এজাক কালধুমুহাই নিমিষতে ধ্বংসস্তুপত পৰিণত কৰে বহু লোকৰ হেপাহৰ ঘৰখন। ৰাতিৰ ভাতসাঁজ খাই শোৱাপাটীলৈ যাবলৈ যোজা কৰোতেই ১০-৩০ বজাত ৰণচণ্ডী ৰুপ লৈ অহা ধুমুহাজাকে বিস্তৰ ক্ষতিসাধন কৰে তিতাবৰৰ বৰহোলাৰ কাউৰীচুক, মৰাণগাঁৱ, বছাগাঁৱ, ছাতৰশালি, খেৰমা, কলিতাচুক, নাঙলগাঁৱকে ধৰি তিতাবৰ নগৰ এলেকাৰ জ্যোতিনগৰ, বিবিজান আদি অঞ্চলত ব্যাপকৰুপত অনিষ্ট সাধন গৃকৰে। বিধ্বংসী ধুমুহাজাক ইমানেই শক্তিশালী আছিল যে মাত্ৰ দহমিনিটৰ ভিতৰতে গৃহস্হৰ ঘৰৰ চালি গছপাতৰদৰে উৰুৱাই চকুৰ পচাৰতে গৃহহীন কৰে। ধুমুহাৰ কৱলত প্ৰকাণ্ড প্ৰকাণ্ড গছ উভালি ভাঙি ছিঙি তচনচ কৰে। বতাহৰ প্ৰকোপত বিদ্যুত পৰিবাহী খুটা ভাগি পৰাৰ উপৰিও বিদ্যুত পৰিবাহী তাঁৰসমূহো ছেদেলি ভেদেলি কৰে। বছা অঞ্চলৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ একেবাৰে ভাগি পৰাত নিশাই পৰিয়ালকেইটাই ওচৰৰ বিদ্যালয় এখনত আশ্ৰয় গ্ৰহণ কৰে। অঞ্চলটোৰ পৰিৱেশ আৰু পৰিস্হিতি ইমানেই ভয়ংকৰ কৰে যে পুৱাৰ ভাগৰে পৰাই তিতাবৰ মহকুমা প্ৰশাসনে দূৰ্যোগ প্ৰশমন বিভাগৰ সহযোগত উদ্ধাৰ কাৰ্যৰ জৰিয়তে পৰিৱেশ স্বাভাৱিক কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে যদিও আজিৰ ভিতৰত স্বাভাৱিক হোৱাৰ সম্ভাৱনা কম। তিতাবৰ মহকুমা প্ৰশাসনৰ মহকুমাধিপতি আয়ুস গাৰ্গ আৰু ৰাজহ চক্ৰ বিষয়া মিতালী লাহনে নিজে উদ্ধাৰকাৰী দলৰ লগত থাকি নেতৃত্ব দিছে ক্ষয়ক্ষতিৰ পৰিমাণ কিমান হব পাৰে সেয়া সকলো চৰজমিন তদন্ত কৰিলেহে আনুষ্ঠানিকভাৱে জনাব পাৰিব বুলি কয়।