কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ষষ্ঠ সংখ্যক পক্ষী গননা সম্পন্ন : অগৰাতলি বনাঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰ্যবেক্ষণ কৰে পক্ষী গননাৰ কাৰ্যসুচী :
Aiidesh News : 11 January - 2025 :
আজি পুৱাৰে পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচটা বনাঞ্চলৰ শতাধিক বিল আৰু জলাশয়ত আৰম্ভ হয় ষষ্ঠ বিভাগীয় পক্ষী গননা ৷ এই গননাত আৰ্দ্ৰভুমিৰ ওপৰত নিৰ্ভৰশীল জলাশয় পক্ষীৰ লগতে জলাশয়ৰ ওপৰত নিৰ্ভৰশীল বাকীবোৰ পক্ষীৰ প্ৰজাতিৰো গননা কৰা হয় ৷ অসমৰ বিভিন্ন স্থানৰ অভিজ্ঞ পক্ষী নিৰীক্ষক আৰু বন বিষয়াকে মুঠ ৪৮ গৰাকী গননাকাৰীয়ে আজিৰ পক্ষী গননাত অংশ গ্ৰহন কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় বোকাখাতৰ দুখন, কাজিৰঙাৰ আৰু কলিয়াবৰৰ একোখনকৈ মহাবিদ্যালয়ৰ ৪০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে স্বেচ্ছাসেৱক হিচাবে এই গননাত অংশগ্ৰহন কৰে ৷ ৰাষ্ট্ৰীয় উদ্যানখনত আজি পুৱাৰে পৰাই পক্ষী গননা আৰম্ভ ৷ বিভাগীয় কাৰ্যসুচীৰে কাজিৰঙালৈ অহা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি পুৱা অগৰাতলিত চলি থকা এই পক্ষী গননা পৰ্যবেক্ষণ কৰে ৷ অগৰাতলিৰ চহলা বিলৰ পাৰত মন্ত্ৰীগৰাকীয়ে পক্ষী গননাকাৰী সকলৰ সৈতে মত বিনিময়ো কৰে ৷ পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অগৰাতলিত আয়োজিত এক অনুষ্ঠানত বনাঞ্চলৰ বনশিৱিৰ আৰু জীপ চাফাৰী সন্থাৰ কাৰ্যালয় গৃহ নিৰ্মানৰো শুভাৰম্ভ কৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অলপতে কাষৰীয় গাওঁবাসীৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ দ্বাৰা আয়োজন কৰা হস্তশিল্প, বয়ন শিল্প আৰু মেটেৰাৰ পৰা কাগজ নিৰ্মান কৰ্মশালাৰ হিতাধীকাৰী সকলৰ সৈতেও কেন্দ্ৰীয় সৰ্বানন্দ সোনোৱালে মতবিনিময় কৰে ৷
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হোৱা আজিৰ বিভাগীয় পক্ষী গননাৰ প্ৰাকক্ষনত ১০ জানুৱাৰীৰ সন্ধ্যা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাৰ বিভাগীয় প্ৰেক্ষাগৃহত গননাকাৰী আৰু স্বেচ্ছাসেৱক সকলক পক্ষীগননাৰ বিভিন্ন কৰণীয়, গননাৰ পদ্ধতিৰ বিষয়ে অৱগত কৰাৰ উপৰিও পক্ষী গননাৰ যাৱতীয় সমগ্ৰীও প্ৰদান কৰা হয় ৷ অসমৰ বিশিষ্ট পক্ষীবিদ তথা অৱসৰ প্ৰাপ্ত প্ৰশাসনিক বিষয়া ড৹ আনোৱাৰদ্দিন চৌধুৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত অসম গৌৰৱ অৱসৰ প্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়ো, কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপক মান বৰুৱা, ৱাইল্ড গ্ৰাছ ৰিজৰ্টৰ স্বত্বাধিকাৰ মঞ্জু বৰুৱা, অৱসৰ প্ৰাপ্ত বন বিষয়া মুকুল তামুলী, যোৰহাটৰ প্ৰবীন পৰিৱেশ কৰ্মী শান্তা শৰ্মা আদি বিভিন্ন ব্যক্তিৰ উপৰিও পক্ষী গননাকাৰী, স্বেচ্ছাসেৱক আৰু বনকৰ্মী সকলো উপস্থিত থাকে ৷ কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে আঁত ধকা এই অনুষ্ঠানতে পক্ষী নিৰীক্ষণকাৰী বৰঠাকুৰ আৰু নিলোৎপল মহন্তই পক্ষী চিনাক্তকৰণৰ কৌশলৰ সম্পৰ্কত সচিত্ৰ উপস্থাপন কৰে ৷ অতি সুচাৰূপে সম্পন্ন হোৱা আজিৰ গননাৰ পিচতেই ১২ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ লাওখোৱা বুঢ়াচাপৰিত ষষ্ঠ সংখ্যক পক্ষী গননা সম্পন্ন হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷
*********