ইউনাইটেড ইন্টাৰকন্টিনেটেল বডি বিল্ডিং ফিটনেচ ফেডাৰেচনৰ প্ৰতিযোগিতাত বোকাখাতৰ দেৱজিত পেগুৰ কৃৰ্তিত্ব :

ইউনাইটেড ইন্টাৰকন্টিনেটেল বডি বিল্ডিং ফিটনেচ ফেডাৰেচনৰ প্ৰতিযোগিতাত বোকাখাতৰ দেৱজিত পেগুৰ কৃৰ্তিত্ব  :
Aiidesh Photo

Aiidesh News : 25 February 2024 : 

নতুন দিল্লীৰ তালকোটৰা ষ্টেডিয়াম আয়োজিত হোৱা ইউনাইটেড ইন্টাৰকন্টিনেটেল বডি বিল্ডিং ফিটনেচ ফেডাৰেচনে আয়োজন কৰা মিষ্টাৰ এণ্ড মিচ এচিয়া ২০২৪ৰ বডি বিল্ডিং প্ৰতিযোগিতাত বোকাখাতৰ দেৱজিত পেগুয়ে ৬৫ কিলোগ্ৰাম ওজনৰ শিতানত শ্ৰেষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ নতুন দিল্লীত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ দেৱজিত পেগু বোকাখাত উপ জিলাৰ অতি পিচপৰা ধোবাআটি বেলগুৰি গাঁৱৰ খগেন পেগুৰ সন্তান ৷ ধোবাআটি গাওঁৰ পৰা নিতৌ চাইকেলেৰে বোকাখাত নগৰৰ ব্যামাগাৰত অনুশীলন কৰি নিজৰ একান্ত প্ৰচেষ্টাত দেহ চৰ্চা কৰি আজিৰ এই স্থানত উপনীত হ’বলৈ সক্ষম হয় ৷দেৱজিত পেগুৰ এই কৃৰ্তিত্বই ধোবাআটি বেলগুৰি গাঁৱৰ লগতে সমগ্ৰ বোকাখাতেই উৎফুল্লিত হৈ পৰে ৷ দেৱজিত পেগুয়ে লাভ কৰা কৃৰ্তিত্বৰ বাবে বোকাখাত প্ৰেছ ক্লাবৰ লগতে বোকাখাত জিলা শৰীৰ চৰ্চা কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ৷

**********