অধ্যাপক শৰৎ মহন্ত সোৱৰণী মেধা বৃত্তি প্ৰদান

অধ্যাপক শৰৎ মহন্ত সোৱৰণী মেধা বৃত্তি প্ৰদান

অধ্যাপক শৰৎ মহন্তৰ মৃত্যুৰ পিছত ২০১৪ চনৰ পৰা মহন্ত পৰিয়ালে ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰী গৰাকীলৈ এই বঁটা আগবঢ়াই আহিছে ।

অধ্যাপক শৰৎ মহন্তৰ কন্যা অ পি জিন্দাল গ্ল'ৱেল ইউনিভাৰ্ছিটিৰ অধ্যাপিকা ড° উপাসনা মহন্তই আগবঢ়োৱা এই বঁটা এইবাৰ ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দুগৰাকী ছাত্ৰী ক্ৰমে নীহাৰিকা ভৰালী আৰু তৃষ্ণাপ্ৰিয়া দত্তক প্ৰদান কৰা হয় ।

প্ৰতিবছৰে শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু শিৱসাগৰ কলেজৰ সহযোগত ১৮ জুনত আয়োজিত অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতা অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰদান কৰা এই বঁটা কৰ'না সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত চৰকাৰী নীতি নিৰ্দেশনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই বছৰৰ স্মাৰক বক্তৃতা অনুষ্ঠানটি বৰ্জন কৰাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়তে ছাত্ৰী দুগৰাকীক এই বঁটা প্ৰদান কৰা হয় ।

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক ইনামূল হাজৰিকাই আতধৰা বঁটা প্ৰদান অনুষ্ঠানত জিলা শিক্ষা বিষয়া আব্দুল জেলিল, শিৱসাগৰ বানিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্ত আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি যথেষ্ট সংখ্যক লোক উপস্থিত থাকে ।