কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ব্ৰহ্মপুত্ৰৰ চাপৰিত পশুধনক প্ৰতিষেধক প্ৰদান অভিযান : ভক্তে চাপৰিৰ ৭৪৪ টা পশুধনক প্ৰতিষেধক প্ৰদানেৰে প্ৰথম অভিযান :
Aiidesh News : 25 January - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বোকাখাতৰ সহযোগত বোকাখাত বনাঞ্চলৰ ব্ৰহ্মপুত্ৰৰ চাপৰি বোৰত আৰম্ভ কৰা হৈছে পশুধনক প্ৰতিষেধক প্ৰদানৰ অভিযান ৷ পশুধনক প্ৰতিষেধ প্ৰদান নিশ্চিত কৰাৰ বাবে দেশ জুৰি আৰম্ভ হোৱা ৰাষ্ট্ৰীয় অভিযানৰ পিচতো নদীৰ মাজৰ কেত বোৰ চাপৰিত থকা পশুধনক প্ৰতিষেধক প্ৰদানৰ বাবে কাজিৰঙাৰ কৰ্তৃপক্ষই পশু চিকিৎসা আৰু পশু পালন বিভাগক সদায় সহায় কৰি আহিছে ৷
২৪ জানুৱাৰীৰ পৰা অগৰাতলিৰ পুৱ সীমাৰ আৰু বোকাখাত বনাঞ্চলৰ ভক্তে চাপৰিত প্ৰতিষেধক প্ৰদানৰ এই অভিযান আৰম্ভ কৰা হয় ৷ এই অভিযানৰ বাবে ২৪ জানুৱাৰীৰ বিয়লি কাজিৰঙাৰ বিভাগায় পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই আৰু পৰিৱেশ কৰ্মী উত্তম শইকীয়াৰ নেতৃত্বত, ভুমি নামৰ প্ৰকৃতি সংগঠনৰ সহযোগত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বোকাখাতৰ ক্ষেত্ৰ সহায়ক প্ৰশিক্ষণ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী আৰু ক্ষেত্ৰ সহায়কৰ ১৫ জনীয়া এটা দলে ধনশিৰি নদী পাৰহৈ ভক্তে চাপৰিত উপস্থিত হয় ৷ উক্ত দিনাৰ বিয়লি দলটোয়ে ভক্তে চপৰিৰ মুঠ ২৩ টা গৰু ম'হৰ খুটিৰ মুঠ ৪৫৩ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰি নিশাতো চাপৰিতে কটায় আজি পুৱা বাকী থকা ১১ টা খুটিৰ ২৯১ টা পশুধনক লৈ মুঠ ৭৪৪ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰে ৷ ইয়াৰে ৫৬৬ টা গৰু আৰু ১৭৮ টা পোহনীয়া ম'হ ৷
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত কৰ্মৰত বেচৰকাৰী প্ৰকৃতি সংগঠনৰ সহযোগত পশুপালন আৰু পশুচিকিৎসা বিভাগক লৈ উদ্যান কৰ্তৃপক্ষই কাষৰীয় গাওঁবোৰতো বিগত সময়ত এই প্ৰতিষেধক প্ৰদানৰ কাম কৰি আহিছিল যদিও ২০১৯ চনৰ ৰাষ্ট্ৰীয় পশুধন ৰোগ নিয়ন্ত্ৰন আঁচনি গ্ৰহন হোৱাৰ পিচৰে পৰাই নিজৰ এলেকাধীন প্ৰতিটো পশুধনক প্ৰতিষেক প্ৰদান কৰাতো পশুপালন আৰু পশুচিকিৎসা বিভাগৰ দায়ীত্ব হৈ পৰিল ৷ সেয়েহে পশুপালন আৰু পশুচিকিৎসা বিভাগে এতিয়া নিয়মীয়াকৈ কাজিৰঙাৰ কাষৰীয় গাওঁবোৰতো প্ৰতিষেক প্ৰদান দায়ীত্ব গ্ৰহন কৰিছে ৷ ইয়াৰ পিচতো কাজিৰঙাৰ পুৱ দিশলৈ ব্ৰহ্মপুত্ৰৰ মাজত থকা বিলতীয়া চাপৰি, উপায়নোপোৱা চাপৰি, লালুং চাপৰি, গাভৰু চাপৰি আৰু ভক্তে চাপৰিত থকা গৰু ম'হৰ খুটিৰ পশু ধনক ৰাষ্ট্ৰীয় পশুধন ৰোগ নিয়ন্ত্ৰন আঁচনিৰে প্ৰতিষেধক প্ৰদানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গোলাঘাট জিলাৰ পশুপালন আৰু পশুচিকিৎসা বিভাগক সহায় কৰি আহিছে ৷ উল্লেখিত চাপৰিবোৰত বনৰীয়া ম'হ, পহু, গাহৰি, গঁড়, হাতী আনকি ঢেকীয়পতীয়া বাঘেও সময়ত বিচৰন কৰে ৷ যাৰ বাবে চাপৰি বোৰৰ পশুধনক প্ৰতিষেধ প্ৰদান কৰাতো অতিশয় প্ৰয়োজনীয় ৷ এই কাৰ্যই চাপৰিৰ পশুধনৰ স্বাস্থ্য আৰু জনকল্যানৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীকো সংক্ৰমন ৰোগৰ পৰা ৰক্ষা কৰি আহিছে ৷
*********