বিশ্ব প্ৰকৃতি নিধিৰ আৰু কাজিৰঙাৰ কৰ্তৃপক্ষৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক স্বাস্থ্য পদক্ষেপৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা :
Aiidesh News : 29 October 2024 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কঁহৰাত থকা মহী মিৰি সভাগৃহত আজি এক স্বাস্থ্য শীৰ্ষক সংহত স্বাস্থ্য পদ্ধতিৰ ওপৰত অভিমুখীকৰণৰ এক কাৰ্যসূচী অনুষ্ঠিত হয় । ‘বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ‘এক স্বাস্থ্য’ হৈছে ৰোগ নিৰাময় আৰু প্ৰতিৰোধৰ এক সংহত ব্যৱস্থাপনা যাৰ উদ্দেশ্য হৈছে মানুহ, জীৱকুল আৰু পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্যৰ ভাৰসাম্য আৰু নিৰাময় কৰি প্ৰকৃতি সংৰক্ষণ কৰা । কোভিড মহামাৰী আৰু বিভিন্ন পশু পক্ষীৰ পৰা সংক্ৰমিত ৰোগ বা জুনোটিক ৰোগে বিশ্বত সমস্যা সৃষ্টি কৰাৰ পিচতেই ৰোগ প্ৰতেৰোধৰ এই ব্যৱস্থাই বিশ্বত জনপ্ৰিয়তা লাভ কৰিছে ।
অসমৰ বন বিভাগৰ সহযোগত বিশ্ব প্ৰকৃতি নিধিয়ে আয়োজন কৰা এই কাৰ্যসুচীত অসম পশু চিকিৎসা বিভাগ আৰু পশু গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ে বিশেষ সহযোগিতা আগবঢ়ায় ৷ অনপষ্ঠানত গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, নগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ৩০ গৰাকী পশু চিকিৎসা বিষয়াৰ উপৰিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন, সংৰক্ষণ কেন্দ্ৰ আৰু অসম ৰাজ্যিক চিৰিয়াখানাৰ বিভাগীয় পশু চিকিৎসক প্ৰকৃতি সংগঠন ভূমিৰ প্ৰতিনিধি সকলে অংশগ্ৰহন কৰে ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে দিয়া উদ্বোধনী ভাষণত কাজিৰঙাৰ দৰে গুৰুত্বপূৰ্ণ জৈৱ বৈচিত্ৰ্য অঞ্চলৰ গুৰুত্বৰ কথা উল্লেখ কৰি এনেবোৰ জৈৱিক সংবেদনশীল অঞ্চলৰ বাবে এক স্বাস্থ্যৰ সংহত ব্যৱস্থা অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে ৷ এনেবোৰ অঞ্চল ৰোগ সংক্ৰমনৰ উৎসৰ সম্ভাৱনা থকাৰ উপৰিও ৰোগ প্ৰতিৰোধৰ সমাধান, নিয়ন্ত্ৰণ আৰু নিৰীক্ষণৰো কেন্দ্ৰ হিচাপেও ভুমিকা পালন কৰিব পাৰে । বিশ্ব প্ৰকৃতি নিধিৰ জেষ্ঠ সমন্বয়ক অমিত শৰ্মাই এক স্বাস্থ্যৰ ধাৰণাৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ দ্বাৰা পুঁজি যোগান ধৰা পশু পক্ষীৰ পৰা সংক্ৰমিত ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী এক স্বাস্থ্যৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডা০ ডি কে শৰ্মাই এই ৰোগৰ সবিশেষ, ইয়াৰ নিৰীক্ষণৰ প্ৰয়োজনীয়তা আৰু প্ৰতিৰোধৰ বিষয়ে বিতংভাৱে আলোচনা কৰে । পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অনুজীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ডা৹ এন. এন. বৰ্মনে পশু পক্ষীৰ ৰোগ নিৰীক্ষণ আৰু অনুসৰণ কৰিব লগা প্ৰক্ৰিয়াবোৰৰ লগতে পৰীক্ষা / অনুসন্ধান কৰিব লগা প্ৰক্ৰিয়াবোৰৰ বিষয়ে আৰু পশুচিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড. বিশ্বজিৎ দত্তই নেক্ৰোস্ক’পী, মৰণোত্তৰ পৰীক্ষা আৰু ইয়াৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে কাৰ্যসুচীত আলোচনা কৰে ৷
অসম ৰাজ্যিক অসম চিৰিয়াখানাৰ পশু চিকিৎসা বিষয়া ডা০ দেৱব্ৰত ফুকন আৰু ভাৰতীয় বন্যপ্ৰাণী ন্যাসৰ উত্তৰ পুৰ্বাঞ্চলৰ মুৰব্বী পশু চিকিৎসক নৰ্থ ইষ্ট হেড ভেটৰ চেণ্টাৰ বন্যপ্ৰাণী ব্যৱস্থাপনাৰ সন্দৰ্ভতো আলোচনা আগবঢ়ায় ৷ অনুষ্ঠানত উপস্থিত থাকি পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ ভিঘ্নেশে ৰাজ্যখনত এক স্বাস্থ্য পদ্ধতিৰ প্ৰচাৰৰ বাবে তথ্য আৰু পৰামৰ্শ আদান-প্ৰদান হ'ব পৰাকৈ আৰু অধিক কাৰ্যসূচী আয়োজন কৰিব লাগে বুলি মন্তব্য আগবঢ়ায় । আজিৰ এই কাৰ্যসূচীৰ আঁত ধৰিছিল বিশ্ব প্ৰকৃতি নিধিৰ সহযোগী সমন্বয়ক ডা০ খানীন চাংমাই, জ্যেষ্ঠ ক্ষেত্ৰ বিষয়া ড০ সৌময়িতা হোৰে আৰু কাজিৰঙাৰ বিভাগীয় পশু চিকিৎক ডা৹ সৌৰভ বৰগোঁহাঞে ৷
আজি এই অনুষ্ঠান বিভিন্ন জিলাৰ পৰা অহা পশু চিকিৎসক সকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱাৰ উপৰিও এক স্বাস্থ্য ধাৰণাতো তেওঁলোকৰ বাবে এক নতুন বিষয় আৰু প্ৰথমবাৰৰ বাবে বিষয়টোৰ ওপৰত এনেদৰে আলোচনাত অংশগ্ৰহন কৰাৰ সুযোগ লাভ কৰি লাভান্বিত হোৱা বুলিও মন্তব্য কৰে ৷
*******