আন্তঃৰাষ্ট্রীয় সহযোগিতা বৃদ্ধিৰ কৰক ৰাষ্ট্রসংঘ

আন্তঃৰাষ্ট্রীয় সহযোগিতা বৃদ্ধিৰ কৰক ৰাষ্ট্রসংঘ
আন্তঃৰাষ্ট্রীয় সহযোগিতা

কভিড-১৯ৰ বিষয়ত ভাৰতকে ধৰি ১৮৮খন দেশে উমৈহতীয়াভাৱে উত্থাপন কৰা এটা প্রস্তাৱ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদে সর্বসন্মতিক্রমে গৃহীত কৰিছে৷ সমগ্র বিশ্বত ত্রাসৰ সৃষ্টি কৰা এই মহামাৰীক পৰাভূত কৰিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতা বৃদ্ধিৰ বাবে প্রস্তাৱটোত আহবান জনোৱা হৈছে৷

উল্লেখযোগ্য যে বিশ্বজোৰা এই মহামাৰীৰ বিষয়ত বিশ্ব সংগঠনটোৱে গ্রহণ কৰা এইটোৱেই এনেধৰণৰ প্রথম প্রস্তাৱ৷ প্রস্তাৱটোত কোৱা হয় যে ১৯৩খন সদস্য ৰাষ্ট্রৰ সাধাৰণ পৰিষদে কভিড-১৯ মহামাৰীয়ে মানুহৰ স্বাস্থ্য, সুৰক্ষা আৰু কল্যাণৰ প্রতি সৃষ্টি কৰা ভাবুকিত গভীৰ উদ্বেগ প্রকাশ কৰে৷

এই মহামাৰী নিয়ন্ত্রণ, হ্রাস আৰু পৰাভূত কৰিবলৈ বিশ্ব স্বাস্থ্য সংগঠনে দিয়া নীতি-নির্দেশকে ধৰি সকলোধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা মানি চলিবলৈ আন্তঃৰাষ্ট্রীয় সহযোগিতা বৃদ্ধি কৰিবলৈ প্রস্তাৱটোত আহবান জনোৱা হয়৷ উল্লেখযোগ্য যে কভিড-১৯ বা কৰ’না ভাইৰাছৰ প্রাদুর্ভাৱৰ বিষয়ে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে এতিয়ালৈকে আলোচনা কৰা নাই৷ এই মহামাৰীৰ কাৰণে সাধাৰণ পৰিষদেও সভা আনুষ্ঠিত কৰা নাই, এটা ‘ছাইলেঞ্চ প্রচিডিউৰ’ৰ অধীনত প্রস্তাৱটো গ্রহণ কৰা হয়৷