গোলাঘাটৰ টৰফাট আহোম গাওঁত বন বিভাগৰ অভিযান : নাহৰফুটুকী বাঘ হত্যাত জড়িত চাৰিজনক আটক :

গোলাঘাটৰ টৰফাট আহোম  গাওঁত বন  বিভাগৰ  অভিযান :  নাহৰফুটুকী বাঘ হত্যাত জড়িত চাৰিজনক আটক :
Photo : Uttam Saikia

লক ডাউন চলি থকাৰ মাজতেই যোৱা শনিবাৰৰ দিনা গোলাঘাটৰ টৰফাট আহোম গাওঁত এদল দুস্কৃতিকাৰীয়ে নাহৰফুটুকী বাঘৰ পোৱালীক হত্যা কৰা ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰিছে বন বিভাগে ৷ বৃহস্পতি বাৰৰ দিনা বিয়লি গোলাঘাট বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া পুস্পধৰ বুঢ়াগোঁহাইৰ নেতৃত্বত চলা এক অভিযানত টাৰফত আহোম গাওঁৰ পৰা এই ঘটনাৰ সৈতে জড়িত চাৰিজন লোকক আটক কৰে ৷ ধৃত লোক কেইজন হ'ল জোনমন গগৈ , ৰক্তিম গগৈ, থগীৰাম গগৈ আৰু নিত্যানন্দ শইকীয়া ৷ চাৰজনেই টৰফাট আহোম গাওঁৰ বুলি জানিব পৰা গৈছে ৷ বৃহস্পতি বাৰৰ এই অভিযানত গোলাঘাট আৰক্ষীয়েও বন বিভাগক সহায় কৰিছিল ৷ 


উল্লেখ্য যে যোৱা ১৭ এপ্ৰিলৰ দিনা এক বিশেষ সুত্ৰৰ আধাৰত গোলাঘাটৰ আৰক্ষীয়ে বন  বিভাগৰ লগত অভিযান চলায় নগৰৰ বেঙেনাখোৱাৰ সমীপৰ টৰফাট আহোম গাওঁত গাঁতত পুতি থোৱা অৱস্থাৰ পৰা নাহৰফুটুকী বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰিছিল গ৷ এদল মানুহে নাহৰফুটুকী বাঘৰ পোৱালীটোক হত্যা কৰি মাংস কাটি ভক্ষণ কৰাৰ পৰিকল্পনা কৰিছিল ৷ কিন্তু অভিযানকাৰী দল পোৱাৰ আগতেই ঘটনাস্থলীৰ পৰা দুস্কৃতিকাৰী দলটো পলাই গৈছিল ৷ 

সম্প্ৰতি ধৃত লোক কেইজনে বাঘ হত্যাৰ ঘটনাটো সেবীকাৰ কৰিছে বন বিভাগৰ আগত ৷ নাহৰফুটুকী বাঘ হত্যাৰ এই ঘটনাত আৰু লোক জড়িত থকাৰ সম্ভাৱনা আছে বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ ৷