জি এম চিৰ ছেনিটাইজেশ্যন

জি এম চিৰ  ছেনিটাইজেশ্যন
ছেনিটাইজেশ্যন

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আৰু অগ্নি আৰু আপদকালীন বিভাগৰ সহযোগত আজি মহানগৰৰ বিভিন্ন ঠাইত ছেনিটাইজেশ্যন কৰা হয়৷

ছেনিটাইজ কৰা ঠাইসমূহ হৈছে ক্রমে আৰ জি বৰুৱা ৰ’ডৰ জোনালী অঞ্চল, নয়নপুৰ উপপথ-২, গণেশগুৰি, উদয়পুৰ, বিৰুবাৰী কালীমন্দিৰ অঞ্চল, এ পি ডি এল, চেণ্ট্রেল বেংক, কাহিলিপাৰা আৰু গেম ভিলেজ অঞ্চল ইত্যাদি৷

উল্লেখযোগ্য যে ক্রমাৎ বৃদ্ধি পোৱা কৰ’না ভাইৰাছৰ আতংকৰ পাছতে প্রশাসন অধিক তৎপৰ হৈ পৰিছে৷ তাৰ অংশ হিচাপে ইতিমধ্যে বিগত বহুদিনৰ পৰা জি এম চিয়ে মহানগৰৰ বিভিন্ন অঞ্চলত ছেনিটাইজেশ্যন অব্যাহত ৰাখিছে৷