ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা বোকাখাতৰ উমা ছেত্ৰীৰ বাসগৃহত মন্ত্ৰী অতুল বৰা : কান্ধুলিমাৰীৰ উমা ছেত্ৰীৰ বসগৃহলৈ যোৱা উপ পথ নিৰ্মানৰ নিৰ্দেশ :

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা বোকাখাতৰ উমা ছেত্ৰীৰ বাসগৃহত মন্ত্ৰী অতুল বৰা  : কান্ধুলিমাৰীৰ উমা ছেত্ৰীৰ বসগৃহলৈ যোৱা উপ পথ নিৰ্মানৰ নিৰ্দেশ  :
Aiidesh Photo

Aiidesh News  : 3 July 2023  :

বোকাখাতৰ কান্ধুলিমাৰীৰ দৰে অতি পিচপৰা এটা অঞ্চলৰ পৰা অতি কষ্টৰে বাটকুৰি বাই বোকাখাতৰ ৰাজহুৱা খেল পথাৰত নিয়মিতভাৱে অনুশীলন কৰি উমা ছেত্ৰীয়ে আজি ভাৰতীয় দলত স্থান লাভ কৰি কান্ধুলিমাৰীৰ নাম দেশবাসীৰ মাজত উজ্বলাই তুলিলে ৷ পৰিয়ালে কিনি দিয়া এখন চেকেণ্ড হেণ্ড চাইকেলত জেষ্ঠ ভাতৃৰ সৈতে একেলগে বোকাখাতলৈ অহা যোৱাও কৰিছিল উমা ছেত্ৰীয়ে ৷ উমা ছেত্ৰীৰ এই সাফল্যৰ পিচত সোমবাৰৰ পুৱা কান্ধুলিমাৰী গাওঁত থকা উমা ছেত্ৰীৰ বাসগৃহত অগনন শুভাকাংক্ষী উপস্থিত হৈ উমা ছেত্ৰীৰ লগতে পিতৃ মাতৃক শুভেচ্ছা জ্ঞাপন কৰে ৷ 

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰাৰ পিচতেই ৩ জুলাইৰ বিয়লি উমা ছেত্ৰীৰ বাসগৃহত গৈ উপস্থিত হয় বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ৷ উমা ছেত্ৰীৰ বাসগৃহলৈ গৈ উদিয়মান ক্ৰিকেট খেলুৱৈ গৰাকীৰ পিতৃ মাতৃক অভিনন্দন জনোৱাৰ লগতে উমা ছেত্ৰীৰ বাসগৃহৰ পৰাই লোক নিৰ্মান বিভাগক উমা ছেত্ৰীৰ বাসগৃহলৈ যোৱা পথচোৱা নিৰ্মান কৰিবৰ বাবে নিৰ্দেশ দিয়ে অতুল বৰাই ৷ মন্ত্ৰীৰ নিৰ্দেশৰ পিচতেই উক্ত পথত জোখ মাখ লোৱাৰ কাম আৰম্ভ কৰিছে লোক নিৰ্মান বিভাগে ৷ অতি পিচপৰা কান্ধুলিমাৰী গাওঁত থকা উমা ছেত্ৰীৰ বাসগৃহলৈ যোৱা বোকাময় পথটো নিৰ্মান কৰি দিবৰ বাবে পৰিয়ালৰ লগতে বোকাখাতবাসীয়েও  চৰকাৰক অনুৰোধ জনাইছিল  ৷

উল্লেখ্য যে ২ জুলাইৰ নিশা ভাৰতীয় ক্ৰিকেট কণ্ট্ৰোল বৰ্ডৰ মহিলা ক্ৰিকেট দলৰ খেলুৱৈ নিৰ্বাচন সমিতিয়ে ঘোষণা কৰা ভাৰতৰ মূল মহিলা ক্ৰিকেট দলটিত স্থান লাভ কৰি উমা ছেত্ৰীয়ে বোকাখাতৰ লগতে সমগ্ৰ ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে ৷ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা উমা ছেত্ৰীয়েই হ'ল অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ ৷

৯ জুলাইৰ পৰা বাংলাদেশৰ শ্বেৰ ই বাংলং ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা এদিনীয়া আৰু টি-২০ মহিলা ক্ৰিকেট শৃংখলাত ভাৰতীয় মহিলা ক্ৰিকেট দলৰহৈ খেলিব উমা ছেত্ৰীয়ে ৷  উমা ছেত্ৰী বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ কৃষক লোকবাহাদুৰ ছেত্ৰী আৰু দীপা ছেত্ৰীৰ দুহিতা । উমা ছেত্ৰী এই সফলতাত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বোকাখাত ৷ উৎফুল্লিত বোকাখাত জিলা ক্ৰিয়া সন্থা আৰু উমা ছেত্ৰীৰ স্থানীয় প্ৰশিক্ষক  ৰাজা ৰহমান আৰু মেহবুব আলমো  ৷ উমা ছেত্ৰীৰ সফলতাৰ আঁৰত এই দুই প্ৰশিক্ষকৰো পৰিশ্ৰম আছে ।

ইফালে উমা ছেত্ৰীৰ এই সফলতাত বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সন্থা, ইমজাৰ লগতে বিভিন্ন দল সংগঠনে উমা ছেত্ৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে  ৷

*****************