কাজিৰঙাৰ সুৰক্ষাৰ বাবে নিয়োজিত প্ৰশিক্ষিত আৰু বেলজিয়াম মেলিনইজ প্ৰজাতিৰ জুবিৰ মৃত্যু : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰণ্যকৰ শোক প্ৰকাশ :
Aiidesh News : 11 November - 2025 :
চোৰাং চিকাৰকে ধৰি বিভিন্ন বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ আৰু অনুসন্ধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰকৃতি সংগঠন আৰণ্যকৰ “কে-নাইন”ৰ স্নিফাৰ ডগ স্কোৱাডৰ অন্যতম সাহসী সদস্য জুবিৰ যোৱা ৭ নৱেম্বৰত কাজিৰঙাৰ বাগৰি বনাঞ্চলত মৃত্যুক হয় । ২০১৭ চনত জন্ম হোৱা বেলজিয়াম মেলিনইজ প্ৰজাতিৰ কুকুৰ জুবিয়ে তাইৰ পৰিচালক সনাতন মালীৰ সৈতে বিগত সাত বছৰৰো অধিক কাল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জত নিয়োজিত হৈ আছিল । উচ্চ প্ৰশিক্ষিত বেলজিয়াম মেলিনইজ প্ৰজাতিৰ কুকুৰ জুবিয়ে ২০১৮ চনত কাজিৰঙাৰ অগৰাতলি বনাঞ্চলত বন টহলদাৰী দলক এজন চোৰাং চিকাৰীৰ ঘৰ বিচাৰি উলিওৱাৰ লগতে চোৰাংচিকাৰীজনক কৰায়ত্ব কৰাত সহায় কৰিছিল । উক্ত বছৰতে কাজিৰঙাৰ সমীপৰ গেলেকী অঞ্চলত সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ মূল অপৰাধীক ধৰা পেলোৱাত আৰক্ষীৰ টহলদাৰী দলকো জুবিয়ে সহায় কৰিছিল । একেদৰে ২০১৯ চনত কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ সমীপত এজন চোৰক কৰায়ত্ব কৰাত আৰক্ষীৰ দলক সহায় কৰিছিল । ২০২০ চনত বাগৰি বনাঞ্চলত এজন চোৰক আটক কৰি ধন আৰু মূল্যৱান সম্পত্তি উদ্ধাৰ কৰাত আৰক্ষীৰ দলক সহায় কৰিছিল জুবিয়ে । ২০২৩ চনত বুঢ়াপাহাৰ অঞ্চলৰ সমীপত চোৰাং চিকাৰীৰ ঘৰ বিচাৰি উলিওৱা আৰু চোৰাং চিকাৰীক কৰায়ত্ব কৰা , ২০২৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰীৰ বিৰুদ্ধে চলোৱা দুটা বিশেষ অভিযানত বন বিভাগৰ অভিযানকাৰী দলক সহায় কৰিছিল জুবিয়ে । উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত নিয়োজিত আন কে-নাইন স্নিফাৰ কুকুৰ বোৰৰ সৈতে জুবিয়ে এইবাৰ ২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱস উপলক্ষে বাগৰি বনাঞ্চলত আয়োজিত ডগ পেৰেডত অংশগ্ৰহণ কৰিছিল । কাজিৰঙাৰ সুৰক্ষাৰ বাবে নিয়োজিত জুবিৰ মৃত্যুত শোক প্ৰকাশ কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোণালী ঘোষে কয় যে “কাজিৰঙাৰ সুৰক্ষাৰ হকে অক্লান্ত সেৱা আগবঢ়োৱা আমাৰ বাহাদুৰ জুবিক প্ৰণাম জনাইছো । তাইৰ তীক্ষ্ণ ঘ্ৰাণশক্তি আৰু নিষ্ঠাৰ বাবেই আমাৰ বন্যপ্ৰাণী আৰু ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত হৈ আছিল । জুবিৰ অনুপস্থিতি আমি চিৰকাল অনুভৱ কৰিম।” জুবিৰ মৃত্যুত প্ৰকৃতি সংগঠনৰ আৰণ্যকৰ সমূহ সদস্য আৰু কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰে আৰু জুবিৰ মৃত্যু কে-নাইন স্কোৱাডৰ বাবে এক পুৰাব নোৱাৰা শূণ্যতা বুলিও মন্তব্য কৰে । আৰণ্যকৰ কাৰ্যবাহী সঞ্চালক ড: বিভৱ কুমাৰ তালুকদাৰৰ মতে “জুবি বিগত ৮ বছৰ ধৰি আমাৰ কে-নাইন স্বোৱাৰ্ডৰ অন্যতম দক্ষ আৰু সাহসী সদস্য আছিল । তাইৰ আকস্মিক মৃত্যু আমাৰ বাবে হৃদয় বিদাৰক ঘটনা ।” বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ তদন্তৰ সময়ত চোৰাং চিকাৰীক বিচাৰি উলিওৱা আৰু ঘ্ৰাণ লৈ বন্যপ্ৰাণীৰ অংগ প্ৰত্যংগৰ সন্ধান দিয়াত জুবি দক্ষ আছিল । চোৰাং চিকাৰ আৰু অপৰাধ অনুসন্ধান অভিযানত, বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত চলোৱা অভিযানত পালন কৰা দক্ষ ভূমিকাৰ বাবে জুবিয়ে সকলোৰে পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল । কে-নাইন সদস্য আৰু উচ্চ প্ৰশিক্ষিত কুকুৰ জুবিয়ে এনে বহু অভিযানত অংশ লৈ বহু গোচৰ সমাধানত সহায় কৰিছিল । আৰণ্যক আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সৈতে যুটীয়াভাৱে ডেভিড শ্বেফাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যনে কে-নাইন স্কোৱাৰ্ডৰ সদস্য জুবিক ভৰণ পোষণ কৰিছিল । জুবিৰ আকস্মিক মৃত্যুৰ সম্পৰ্কত জুবিৰ পৰিচালক সনাতন মালীয়ে কয়, “মই মোৰ এক আনুগত্যশীল, দক্ষ আৰু সাহসী সংগী হেৰুৱালো । জুবি নোহোৱা হ’ব পাৰে কিন্তু তাইৰ সেৱা, সাহস, আনুগত্য আৰু স্মৃতিবোৰ চিৰদিনৰ বাবে আমাৰ হৃদয়ত থাকিব যাব ।”
***********







