কাজিৰঙাৰ চেৰেনিটি পুখুৰীৰ পাৰত চলচিত্ৰ পৰিচালক, প্ৰযোজক আৰু ‘শিল্পীৰ পৃথিবী’ৰ ৰূপকাৰ হেম চন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থৰ উন্মোচন :

কাজিৰঙাৰ চেৰেনিটি পুখুৰীৰ পাৰত চলচিত্ৰ পৰিচালক, প্ৰযোজক আৰু ‘শিল্পীৰ পৃথিবী’ৰ ৰূপকাৰ হেম চন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থৰ উন্মোচন  :
Aiidesh Photo

Aiidesh News  : 17 November : 2024 :

কাজিৰঙাৰ গেলেকীত থকা চেৰেনিটি পুখুৰীৰ পাৰত আজি দিনজোৰা কাৰ্যসুচীৰে বিশিষ্ট চলচিত্ৰ পৰিচালক, প্ৰযোজক তথা শিল্পীৰ পৃথিবী নামৰ আলোচনী খনৰ সম্পাদক হেম চন্দ্ৰ বৰা আৰু তেওঁৰ পৰিবাৰ জলী বৰাৰ যুগ্ম জীৱনৰ সোনালী জয়ন্তীবৰ্ষৰ বিশেষ অনুষ্ঠান অনুষ্ঠিত হয় ৷ পৰিয়ালৰ পৃষ্ঠপোষকতাত গেলেকীত থকা হেম চন্দ্ৰ বৰাৰ নিজা কৃষি পামৰ চেৰেনিটি পুখুৰী পাৰত আয়োজিত এই বিশেষ অনুষ্ঠানত অসমৰ বিশিষ্ট নাটকাৰ তথা নাট পৰিচালক দুলাল ৰয়, বিশিষ্ট অভিনেতা সঞ্জীৱ হাজৰিকা, অসম নাট্য সন্মিলনৰ কৰুণ জ্যোতি শইকীয়া, কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ৰাতুল ৰাজখোৱা, বিশিষ্ট সমাজসেৱী দেৱপ্ৰদীপ বৰা, বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, বিশিষ্ট কন্ঠ শিল্পী সদানন্দ গগৈ, সাংবাদিক সমালোচক বিদ্যুত কুমাৰ ভুঞা, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, বিশিষ্ট চলচিত্ৰ পৰিচালক প্ৰবীন হাজৰিকা, সমালোচক উৎপল মেনা, বিশিষ্ট লেখক ড৹ জয়ন্তী চুতীয়া আদি গন্যমান্য ব্যক্তি সকল উপস্থিত থাকে  ৷

মনোজ্ঞ এই অনুষ্ঠানতে দৈনিক অগ্ৰদুত কাকতৰ সহকাৰী সম্পাদক মনোজ কুমাৰ ভট্টচাৰ্য আৰু চলচিত্ৰ পৰিচালক হেমন্ত কুমাৰ দাসে সম্পাদনা কৰি উলিওৱা ‘হেম চন্দ্ৰ বৰাৰ জীৱন বৈভৱ’’ নামৰ অভিনন্দন গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট নাট পৰিচালক দুলাল ৰয়ে ৷ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত হেম চন্দ্ৰ বৰাৰ শিল্পীৰ পৃথিবীৰ জড়িয়তে অসমৰ সাংস্কৃতিক জগতলৈ আগবঢ়োৱা অৰিহনা শ্ৰদ্ধাৰে সোঁৱৰে ৷ এই অনুষ্ঠানতে উপস্থিত ব্যক্তি সকলে হেম চন্দ্ৰ বৰা চলচিত্ৰ প্ৰযোজনা, পৰিচালনা, শিল্পীৰ পৃথিবীৰ তাহানিৰ সোনোৱালী দিন, অসম আন্দোলনৰ উপৰিও কাজিৰঙাৰ বিভিন্ন সমস্যা সমাধানৰ বাবে হেম চন্দ্ৰ বৰাই লোৱা নেতৃত্ব আদি স্মৰণ কৰে ৷ যুগ্ম জীৱনৰ সোনালী বৰ্ষপুৰ্তিৰ শুভেচ্ছা জনায় ৷ চেৰেনিটি পুখুৰীৰ পাৰৰ এই অনুষ্ঠানত বিভিন্ন জনে গীত নৃত্যৰ উপৰিও কবিতাও পাঠ কৰে ৷ 

************