বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ শেনচোৱা বাগিচাৰ আহত নাহৰফুটুকী :
Aiidesh News : 14 march - 2026 :
যোৱা নিশা যোৰহাটৰ শেনচোৱা চাহ বাগিছাৰ ৩১ নম্বৰ বাগান পথৰ এটা কালভাৰ্টৰ সমীপত আহত হৈ পৰি ৰোৱা এটা নাহৰফুটুকী বাঘ স্থানীয় লোকে প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰিছিল । পৰৱৰ্তী সময়ত যোৰহাটৰ বন বিভাগে নাহৰফুটুকীটোৰ উদ্ধাৰৰ বাবে বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰক জনায় । পৰৱৰ্তী সময়ত কেন্দ্ৰটোৰ অভিযানকাৰী দলৰ সহযোগত নিশাই নাহৰফুটুকী বাঘটো উদ্ধাৰ কৰি কেন্দ্ৰলৈ অনা হয় । প্ৰতিকুল বতৰৰ মাজতে স্থানীয় লোকৰ সহযোগত বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশুচিকিৎসক ডা০ মেহডি হাচানৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে আহত নাহৰফুটুকী বাঘটোক চেতনানাশক প্ৰয়োগ কৰি বাগিছাৰ মাজৰ পৰা উদ্ধাৰ কৰি বৰজুৰিৰ কেন্দ্ৰটোলৈ আনে । সম্প্ৰতি এই কেন্দ্ৰতে নাহৰফুটুকীটোক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হৈছে । বাঘটোয়ে নিজৰ ভৰিৰ ওপৰত থিয় হ’ব নোৱাৰে । কেন্দ্ৰটোৰ জেষ্ঠ পশুচিকিৎসক ডা০ ভাস্কৰ চৌধুৰীয়ে জনোৱা মতে মতা নাহৰফুটুকী বাঘটোক যোৱা কালি চেতনানাশক প্ৰয়োগ কৰাৰ বাবে আজি পুনৰ চেতনানাশক প্ৰয়োগ কৰিব পৰা হোৱা নাই । পৰৱৰ্তী সময়তহে পুনৰ প্ৰয়োজনত চেতনানাশক প্ৰয়োগ কৰি বাঘটোক সুক্ষ্মভাৱে পৰীক্ষা কৰা হ’ব । এই পৰীক্ষাৰ পিচতহে বাঘটোৰ স্বাস্থ্যৰ সৱিশেষ জনাব পৰা যাব বুলি তেওঁ জনায় । উল্লেখ্য যে অসমৰ চাহ বাগিছা বোৰত সচৰাচৰ নাহৰফুটুকী বাঘে বিচৰণ কৰে যদিও মানুহৰ কাৰ্যৱলী, ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ আৰু আৱাস সংকোচনৰ বাবেই সম্প্ৰতি বিপদাগ্ৰস্ত হৈছে ৰাজ্যৰ বিভিন্ন চাহ বাগিছা আৰু কাষৰীয় বনাঞ্চল বোৰত থকা নাহৰফুটুকী বাঘৰ জীৱন ।
**********







