গৃহ সমষ্টি বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক :

গৃহ সমষ্টি বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক :
Photo : Uttam Saikia
গৃহ সমষ্টি বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক :

গৃহ সমষ্টি বোকাখাতত গাহৰিৰ ছোৱাইন ফিভাৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাৰ জৰুৰী বৈঠক :  


AIIDESH. NEWS. 9 May : 


নিজৰ সমষ্টি বোকাখাত বিভিন্ন প্ৰান্তত গাহৰিৰ মৃত্যুৰ পটভুমিত আজি বোকাখাতৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত কৃষি মন্ত্রী অতুল বৰাৰ উপস্থিতিত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সন্দৰ্ভত এখনি জৰুৰী বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত মন্ত্রী অতুল বৰাই বোকাখাত সমষ্টিত  আফ্ৰিকান ছোৱাইন ফিভাৰৰ  বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে জিলা তথা মহকুমা পশু চিকিৎসা বিভাগৰ মুৰব্বী বিষয়াসকলৰ লগত আলোচনা কৰে । বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি উদ্বিগ্নতা প্ৰকাশ কৰি  অতুল বৰাই পশু চিকিৎসা বিভাগক সষ্টম হৈ থকাৰ লগতে মহকুমাটোৰ গাহৰি পালক সকলক যথাবিহিত সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়াৰ উপৰিও আফ্ৰিকান ছোৱাইন ফিভাৰ সন্দৰ্ভত  সজাগতামূলক অভিযানৰ ওপৰত গুৰুত্ব দিবলৈও বিভাগটোক নিৰ্দেশ দিয়ে ।   বোকাখাত সমষ্টিৰ তিনিটা মৌজাত তিনিটাকৈ টাস্ক ফৰ্চ গঠন কৰাৰ লগতে গাহৰি পালক সকলৰ মাজত বৰ্তমানলৈকে ৪৮ খন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি বৈঠকত মন্ত্ৰী অতুল বৰাক জনায় মহকুমা পশু চিকিৎসা বিভাগে । ইফালে  বোকাখাত মহকুমাৰ গাহৰি পালিত অঞ্চলসমূহত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা আজিৰে পৰা বীজানুমুক্ত কৰাৰ ব্যৱস্থা কৰা বৈঠকতে অৱগত কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিলৈ যাতে এই ৰোগ সংক্ৰমিত নহয় তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি বিহিত ব্যৱস্থা লোৱা বুলি বৈঠকত মন্ত্ৰী অতুল বৰাক অৱগত কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই । বৈঠকত মহকুমা পশু চিকিৎসা বিভাগে দিয়া তথ্য অনুসৰি মহকুমাটোত মুঠ পোহনীয়া গাহৰিৰ সংখ্যা প্ৰায় ৩০ হাজাৰ আৰু ইয়াৰে মুঠ ৭৩৫ টা গাহৰিৰ বিভিন্ন কাৰণত মৃত্যু হৈছে । মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জনায় ।  বৈঠকত মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া মানসজ্যোতি নাথ, সহকাৰী আয়ুক্তদ্বয় শান্তনু গগৈ আৰু ৰণনময় ভৰদ্বাজ, চক্ৰ বিষয়া সংলগ্ন শ্বগুফতা অঞ্জুম চোহেলী,  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি.শিৱকুমাৰ, পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈ, বোকাখাত মহকুমা পশু চিকিৎসা বিষয়া ডা: ৰঞ্জিত বৰাৰ লগতে জনস্বাস্থ্য কাৰীকৰি বিভাগৰ লোকো উপস্থিত থাকে । আজিৰ বৈঠকৰ অন্তত মন্ত্রী অতুল বৰাই কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ লগতে মহকুমাটোৰ বিভিন্ন গাহৰি পালন কৰা এলেকাসমূহৰ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।  এই যাত্ৰাত মন্ত্ৰী গৰাকীয়ে ধনশিৰিমুখৰ মথাউৰি নিৰ্মান কাৰ্যও পৰিদৰ্শন কৰে ৷