দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ সিধান্ত বাতিলৰ দাবীত বোকাখাত মহকুমাত আছুৰ প্ৰতিবাদ :

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ সিধান্ত বাতিলৰ দাবীত বোকাখাত মহকুমাত আছুৰ প্ৰতিবাদ  :

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ সিধান্ত বাতিলৰ দাবীত বোকাখাত মহকুমাত আছুৰ প্ৰতিবাদ  : 
AIIDESH NEWS. 24 May :


দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিধান্তৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে বোকাখাততো ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ শনিবাৰৰ দিনা বোকাখাত মহকুমাৰ বদুলিপাৰত ছাত্ৰ সন্থাই মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ পাচত আজি বোকাখাততো প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ছাত্ৰ সন্থাই ৷ শনিবাৰৰ দিনা বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈৰ লগতে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ  সভাপতি মুষ্টাক আহমেদ আৰু সম্পাদক বিশ্বদ্বীপ শইকীয়াৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ সদস্য সকলে সামাজিক দুৰত্ব বজাই ৰাখি মানৱ শৃংঙ্খলেৰে দিহিং পাটকায়ত কয়লাৰ মুক্ত খননৰ সিধান্তক বাতিল কৰিবৰ বাবে দাবী জনায় ৷ বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মানৱ গগৈৰ মতে সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাই বৰ্ষাৰণ্যত কোনো কাৰণতে কয়লাৰ খনন কাৰ্য হবলৈ নিদিয়ে ৷ ছাত্ৰ সংগঠনটোৰ উদ্যোগত বাদুলিপাৰাত পথৰ কাষত থিয় হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি বোকাখাতৰ ৰাষ্ট্ৰীয় পথৰ কাষত ছাত্ৰ সন্থাৰ সদস্য সকলে আন এক প্ৰতিবাদ সাব্যস্ত কৰি দিহিং পাটকাইত কয়লাৰ মুক্ত খননৰ সিধান্ত বাতিলৰ দাবী জনায় ৷