বোকাখাতত কৃষিকাৰ্যত উচ্চ প্ৰযুক্তিৰ ড্ৰোণ ব্যৱহাৰৰ প্ৰদৰ্শনী উদ্বোধন আৰু ঋণ মেলাত অংশ গ্ৰহন কৃষি মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতত কৃষিকাৰ্যত উচ্চ প্ৰযুক্তিৰ ড্ৰোণ ব্যৱহাৰৰ প্ৰদৰ্শনী উদ্বোধন আৰু ঋণ মেলাত অংশ গ্ৰহন  কৃষি মন্ত্ৰী অতুল বৰাৰ :
Janasongyug

Aiidesh News  : 4 September 2023 : 

অসমৰ কৃষি খণ্ডত নতুন প্ৰযুক্তি আৰু অত্যাধুনিক যন্ত্ৰ-পাতিৰ প্ৰয়োগেৰে কৃষক সকলক অধিক লাভান্বিত কৰাৰ প্ৰচেষ্টাৰে ৪ ছেপ্তেম্বৰত বোকাখাতৰ কমাৰগাঁৱৰ মহুৰাপথাৰত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰ, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়, কৃষি বিভাগ আৰু বোকাখাতৰ ৰজাবাৰীৰ বৃহংগম কৃষি উৎপাদক কোম্পানীৰ সহযোগত কৃষিকাৰ্যত উচ্চ প্ৰযুক্তিৰ ড্ৰোণৰ ব্যৱহাৰৰ এক প্ৰদৰ্শনীৰ শুভ উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই ।

প্ৰদৰ্শনী উদ্বোধন কৰি কৃষিমন্ত্ৰী অতুল বৰাই কৃষিকাৰ্যত ড্ৰোণৰ দৰে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে নৱ প্ৰজন্মক কৃষিখণ্ডলৈ আকৰ্ষিত কৰিব আৰু স্ব-নিয়োজনৰ পথ মুকলি কৰি আমাৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিক অধিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে ৷ মহুৰাপথাৰৰ এই প্ৰদৰ্শন উদ্বোধন কৰি কৃষিমন্ত্ৰী অতুল বৰাই  গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰ, অসম কৃষি বিশ্ববিদ্যালয় আৰু বৃহংগম কৃষি উৎপাদক কোম্পানীয়ে গ্ৰহণ কৰা এই কাৰ্যসূচীক প্ৰশংসা কৰে ৷ বোকাখাত সমষ্টিৰ চুকে-কোণে থকা সকলো কৃষকৰ মাজত এই প্ৰযুক্তিৰ ব্যৱহাৰ জনপ্ৰিয় কৰি তুলিবলৈ সকলোকে অতুল বৰাই আহ্বান জনায় ।

উদ্বোধনী ভাষণত অতুল বৰাই ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, ৰীপাৰ, কম্বাইণ্ড হাৰ্ভেষ্টাৰ, ৰাইচ মিল, বাহন বিতৰণ, কৃষিভূমিত বিভিন্নধৰণৰ পাম্প স্থাপন, ন্যূনতম সমৰ্থিত মূল্যত কৃষকৰ পৰা ধান, সৰিয়হ ক্ৰয় আঁচনিকে ধৰি কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশ তথা কৃষক সকলৰ সমৃদ্ধি নিশ্চিত কৰাৰ লক্ষ্যৰে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা ব্যক্ত কৰে ৷ যুৱক-যুৱতীসকলক বৰ্তমান চৰকাৰে লোৱা কৃষি আঁচনি তথা নীতিসমূহৰ সুবিধা গ্ৰহণ কৰি কৃষিকাৰ্যত মনোনিৱেশ কৰিবলৈও আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে । এই অনুষ্ঠানতে অঞ্চলটোৰ কেইবাগৰাকীও প্ৰগতিশীল কৃষকক সম্বৰ্ধনা জনোৱা হয় ।

মহুৰাপথাৰত আয়োজিত আজিৰ এই অনুষ্ঠানত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° ভৱেশ চন্দ্ৰ ডেকা, বোকাখাতৰ চক্ৰ বিষয়া চম্পক ডেকা, মহকুমা দণ্ডাধীশ পৰিস্মিতা দিহিঙীয়া, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, অসম কৃষি বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ সম্প্ৰসাৰণ বিশেষজ্ঞ ড° ফুলেশ্বৰ নাথৰ উপৰিও কৃষি বিষয়াসকল, সমাজকৰ্মী, কৃষক উৎপাদক কোম্পানীৰ সদস্য, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় কৃষকসকল উপস্থিত থাকে ।

ইয়াৰ পিচতে কৃষিমন্ত্ৰী অতুল বৰাই বোকাখাতৰ নাট্য মন্দিৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান,  গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ খণ্ড অভিযান পৰিচালনা শাখাৰ উদ্যোগত দ্বাৰা আয়োজিত ঋণ মেলাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই ১৪৮ টা মহিলা আত্ম সহায়ক গোটৰ মাজত ৬ কোটি ৩০ লাখ ৩৭ হেজাৰ টকাৰ ঋণ সাহাৰ্যৰ চেক বিতৰণ কৰে ৷ ইয়াৰে ৪ কোটি ৪০ হেজাৰ টকা ৰাজসাহাৰ্যৰ ৷ ইয়াৰ দ্বাৰা ২৩১২ টা গোটৰ ২৭ হেজাৰ মহিলা উপকৃত হ'ব বুলি বিভাগীয় সুত্ৰত প্ৰকাশ ৷

**********