বোকাখাতৰ চাহ বাগিছাৰ শ্ৰমিকৰ মাজত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ মাক্স আৰু চাবোন বিতৰন :

বোকাখাতৰ চাহ বাগিছাৰ শ্ৰমিকৰ মাজত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ মাক্স আৰু চাবোন বিতৰন  :
Photo : Uttam Saikia

বোকাখাতৰ চাহ বাগিছাৰ শ্ৰমিকৰ মাজত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ মাক্স আৰু চাবোন বিতৰন  :


AIIDESH NEWS : 28 April : 


দেশ জুৰি চলি থকা লক ডাউনৰ মাজতে সীমিত সংখক শ্ৰমিকেৰে কাম আৰম্ভ কৰা অসমৰ চাহ বাগিছাত শ্ৰমিকৰ অৱস্থাৰ বুজ লয় ৰাজ্যিক শ্ৰম মন্ত্ৰী সঞ্জয় কিষানে ৷  মঙ্গল বাৰৰ দিনা বোকাখাত চাহ বাগিছাত অসম চৰকাৰৰ ৰাজ্যিক  শ্ৰম মন্ত্ৰী গৰাকী উপস্থিত হয় ৷ মন্ত্ৰী  সঞ্জয় কিষাণে বাগিছাখনৰ শ্ৰমিকক অৱস্থাৰ বুজ লোৱাৰ উপৰিও শ্ৰমিক সকলৰ মাজত  মাক্স আৰু চাবোন বিতৰণ কৰে ৷ বোকাখাত চাহ বাগিছাত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বিত্তীয় প্ৰতিষ্ঠানৰ পৰ ধন উলিয়াবৰ বাবে শ্ৰমিক সকলে কৰা সমাগমক লৈ মন্ত্ৰীজনে উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে এই প্ৰসংগত বেঙ্কৰ কৰ্মচাৰীয়ে নিজে গৈ বাগিছাত শ্ৰমিকক ধন দিয়াৰ ব্যৱস্থা কৰিবৰ বাবেও তেওঁ নিৰ্দেশ দিয়া বুলি জনায়  ৷ শ্ৰম কাৰ্যালয়ত পঞ্জীয়ণ থকা সকলো শ্ৰমিকেই  ১ হাজাৰ টকাকৈ সাহাৰ্য পাব বুলিও তেওঁ জনায় আৰু নগৰাঞ্চলৰ ৰিক্সা চালক বা ঠেলা চালক বা ক্ষুদ্ৰ ব্যৱসায়ী সকলকো চৰকাৰী সাহাৰ্য দিয়াৰ বাবে শ্ৰম বিভাগে কাম কৰা বুলিও শ্ৰম মন্ত্ৰী গৰাকীয়ে জনায় ৷ শ্ৰমিকৰ উপৰিও বাগিছাৰ কৰ্তৃপক্ষৰ সৈতেও মন্ত্ৰী গৰাকীয়ে আলোচনা কৰে ৷ বাগিছাত লক ডাউনৰ সময়ত কৰ্মৰত শ্ৰমিকে শান্তপূৰ্ণ আৰু সামাজিক দুৰত্ব বজাই কাম কৰাৰ বাবে তেওঁ সন্তোষো প্ৰকাশ কৰে ৷