বোকাখাতৰ বগলীটিকা নামঘৰৰ সোণালী জয়ন্তী : অনুষ্ঠানত ড° পীতাম্বৰ দেৱ গোস্বামী : দুৰ্গাপূজা মাজুলীয়ে স্বীকাৰ নকৰে বুলি মন্তব্য সত্ৰাধিকাৰ জনৰ :

বোকাখাতৰ বগলীটিকা নামঘৰৰ সোণালী জয়ন্তী : অনুষ্ঠানত ড° পীতাম্বৰ দেৱ গোস্বামী : দুৰ্গাপূজা মাজুলীয়ে স্বীকাৰ নকৰে বুলি মন্তব্য সত্ৰাধিকাৰ জনৰ  :
Aiidesh Photo
বোকাখাতৰ বগলীটিকা নামঘৰৰ সোণালী জয়ন্তী : অনুষ্ঠানত ড° পীতাম্বৰ দেৱ গোস্বামী : দুৰ্গাপূজা মাজুলীয়ে স্বীকাৰ নকৰে বুলি মন্তব্য সত্ৰাধিকাৰ জনৰ  :

বোকাখাতৰ বগলীটিকা নামঘৰৰ সোণালী জয়ন্তী : অনুষ্ঠানত ড° পীতাম্বৰ দেৱ গোস্বামী : 

Aiidesh News : 31st October :

বোকাখাতৰ আঞ্চলিক পালনাম সমিতিৰ সৌজন্যত বোকাখাত নগৰৰ বগলীটিকা গাঁওৰ ৰাজহুৱা নামঘৰৰ সোনালী জয়ন্তীৰ বিশেষ অনুষ্ঠান ৩০ অক্টোবৰত দিন জোৰা কাৰ্যসুচীৰে অনুষ্ঠিত হয় ৷ গাওঁবাসী ৰাইজৰ আতিথ্য আৰু পালনাম সমিতিৰ সহযোগত আৰু ষোল্ল প্ৰহৰ ভাগৱত পাঠ আদি বিভিন্ন কাৰ্যসুচীৰে অনুষ্ঠিত বগলীটিকা ৰাজহুৱা নামঘৰৰ সোণালী জয়ন্তী অনুষ্ঠানত  নামঘৰৰ নৱনিৰ্মিত মূল তোৰণ আৰু নামঘৰৰ অতিথি গৃহ শুভ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে । সোনালী জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজিত ধর্মলোচনা সভা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ড৹ পীতাম্বৰ  দেৱ গোস্বামীয়ে আধ্যাত্মিক নীতি শিক্ষাৰ ১০ টা বিষয়ৰ বিস্তৃত বাখ্যা দাঙি ধৰি নীতি শিক্ষাই মানুহক মানুহ কৰি ৰাখিব পাৰে বুলি উল্লেখ কৰে । আমি যিমানেই আধ্যাত্মিকতাৰ কথা নকও কিয়, যদি আমাৰ ল'ৰা-ছোৱালীৰ চাৰিত্ৰিক শিক্ষা গ্ৰহণ নকৰে অর্থাৎ নৈতিকতাৰ দিশত যদি প্ৰৱেশ নকৰে, তেওঁ কেতিয়াও মানুহ হ'ব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে । 

অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই উদ্বোধন কৰা অনুষ্ঠানৰ সঞ্চালনা কৰে গোমোঠা সত্ৰৰ সত্ৰাধিকাৰ গৌতম গোস্বামীয়ে । অনুষ্ঠানত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী সুবৰ্ণ শ‍ইকীয়া বৰদলৈ, কবি নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, জ্যেষ্ঠ সাংবাদিক ভবানন্দ কলিতা, বুবুল দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানতে কেইবাখনো গ্রন্থ উন্মোচন কৰা হয় ।

বৰটিকা ৰাজহুৱা নামঘৰৰ সোনালী জয়ন্তীত অংশ গ্ৰহনৰ বাবে অহা আউনিআতি সত্ৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীক ভক্তপ্ৰাণ ৰাইজে বোকাখাত নগৰৰ পৰা খোল-তাল-ঢোলেৰে নামঘৰ  প্ৰাংগনলৈ আদৰি নিয়ে । অনুষ্ঠানত অংশ গ্ৰহন কৰি মাজুলীৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ বক্তব্যৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে শংকৰ দেৱক গুৰু বুলি নমনাতো একেবাৰে গ্ৰহনীয় নহয় বুলি মন্তব্য কৰে । গুৰুজনাক কোনোবাই অৱমাননা কৰাটো প্ৰশ্নই আহিব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বৈষ্ণৱ সংস্কৃতিৰ প্ৰান কেন্দ্ৰ মাজুলীৰ সাংস্কৃতিক ঐতিহ্যৰ পৰম্পৰাক যিকোনো ত্যাগৰ বিনিময়ত অক্ষুন্ন ৰখাটো আমি বিচাৰোঁ । মাজুলীত মিচিং জনসাধাৰণক সত্ৰাধিকাৰে অবজ্ঞা কৰা বুলি উঠা অভিযোগক অস্বীকাৰ কৰে ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে । মাজুলীৰ মিচিং সমাজৰ মাজত আমি সোমাই পৰিছো । আৰ্থিক প্রলোভনেৰে এসময়ত ধৰ্মান্তৰিত কৰা এই ভূমিপুত্ৰসকলৰ বাবে মাজুলীৰ সত্ৰসমূহে যথেষ্ট কাম কৰিছে । এসময়ত কৌটিকলীয়া নিয়ম চলি আছিল । এতিয়া মাজুলীত সেই পৰিবেশ নাই । ইতিমধ্যে আমি ৩০খন শিক্ষানুষ্ঠান পাতিছোঁ । ইয়াৰে ১৫খন জনজাতীয় অঞ্চলত পাতিছো । জেংৰাইত সাংস্কৃতিক প্রকল্প, বিবেকানন্দ বিদ্যালয়, নামঘৰ, চিকিৎসালয়ো স্থাপন কৰিছোঁ । গৰুমৰাত মহাবিদ্যালয় স্থাপন কৰিছোঁ । হেমচন্দ্ৰ দেৱ জনজাতি হাইস্কুল পাতিছো । মিচিং যুৱকক ভাওঁনাৰ প্ৰশিক্ষণ দি ভাওঁনা সমাৰোহত অংশ গ্ৰহণৰ ব্যৱস্থা কৰিছোঁ । তাৰ পাছতো যদি কোনোবাই কয়, আমি তেওঁলোকক লেই লেই চেই চেই কৰিছোঁ, তেন্তে আমি কি ক'ম ।' মাজুলীত খৃষ্টানৰ আগ্ৰাসন বা ধৰ্মান্তৰকৰনৰ ওপৰতো আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে মন্তব্য কৰে । দুৰ্গাপূজা মাজুলীয়ে স্বীকাৰ নকৰে । জাতি আৰু কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শংকৰদেৱক বাদ দি মাজুলীত দুর্গাপূজা চলাৰ আমি বিৰোধী ৷ শংকৰদেৱক বাদ দি মাজুলীত কৃষ্টি-সংস্কৃতি অসম্পূর্ণ বুলি মন্তব্য কৰে ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে । 

*******