দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত ডিগবৈত সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ মানৱ শৃংখল

দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ দাবীত ডিগবৈত সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ মানৱ শৃংখল

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা NBWL ৰ হঠকাৰী সিদ্ধান্তত  দিহিং পাটকাই বৰ্ষাৰণ্যৰ শালেকী নামৰ বনাঞ্চলত মুক্ত কয়লা খননৰ সিদ্ধান্তৰ বিৰোদ্ধে, সৰ্বোত্ৰে জাতীয় জনগোষ্ঠীয় দল সংগঠনকে আদি কৰি ,সমাজ সচেতন প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ বিৰোধিতা অব্যাহত থকাৰ সময়তে ,আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্হা, তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বত দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ, চৰাইপুং ৰেঞ্জৰ ডিগবৈ-দুলীয়াজান অতিক্ৰমী পথৰ কাষত ,দিহিং পাটকাই সুৰক্ষাৰ দাবীত আৰু মুক্ত কয়লা খননৰ বিৰোধিতাৰে, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা ,চুতীয়া জাতি সন্মিলন কে আদি কৰি চুতীয়া জাতিৰ কেইবাটাও সংগঠনৰ নেতৃত্বত মানৱ শৃংখলেৰে ,হাতে হাতে কয়লা খনন বন্ধ কৰক,গছ থাকিলেহে মানুহ থাকিব,ক্ষুদ্ৰ স্বাৰ্থৰ বাবে ভৱিষ্যত প্ৰজন্মক বিপদলৈ নেথেলিব ইত্যাদি প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত মানৱ শৃংখল কাৰ্যসূচীটিত চুতীয়া ছাত্ৰ সন্হা ,কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ক্ৰমে সমিৰণ বৰা আৰু শংশাক শইকীয়া, চুতীয়া জাতি সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পিনাকী শইকীয়া ,তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্হাৰ সভাপতি ৰতন বৰা, সম্পাদক ৰহিম শইকীয়া, চুতীয়া জাতি যুৱ সন্মিলনী ,তিনিচুকীয়া জিলাৰ সভাপতি পৰাগ জ্যোতি শইকীয়াকে আদি কৰি প্ৰায় অৰ্ধশতাধিক চুতীয়া জাতিৰ ছাত্ৰ নেতা উপস্থিত থাকে৷সদৌ অসম চুতীয়া ছাত্ৰ সন্হা ,কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতিদ্বয়ে, উক্ত কাৰ্যসূচী উপস্থিত থাকি দিহিং পাটকাই বৰ্ষাৰণ্যত, কেন্দ্ৰীয় চৰকাৰে কৰুণা ভাইৰাছ নিয়ন্ত্ৰণৰ বাবে আহ্বান কৰা তলা বন্ধ কাৰ্যসূচীৰ আলম লৈ ,মুক্ত কয়লা খনন চলাবলৈ অনুমতি দিয়া কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে মুক্ত কয়লা খননৰ ফলত বৰ্ষাৰণ্য খনৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হোৱাৰ উপৰি পৰিবেশৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিব বুলি উল্লেখ কৰে।আনহাতে দিহিং পাটকাই বৰ্ষাৰণ্যৰ সুৰক্ষাৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে মুক্ত কয়লা

খননৰ সিধান্ত বাতিল নকৰা পৰ্যন্ত ,চুতীয়া জাতি ৰ ছাত্ৰ সংগঠন তথা ভাতৃ সংগঠনসমুহে গনতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে।