বোকাখাত উপ জিলাৰ কমাৰগাওঁত কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিংশতিতম ব'হাগী উৎসৱ :

বোকাখাত উপ জিলাৰ কমাৰগাওঁত কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিংশতিতম ব'হাগী উৎসৱ :
Aiidesh Photo
বোকাখাত উপ জিলাৰ কমাৰগাওঁত কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিংশতিতম ব'হাগী উৎসৱ :

Aiidesh News  : 14 May 2024  : 

বিহুৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত বোকাখাতত অনুষ্ঠিত হ'ল ব’হাগী উৎসৱ ৷ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ আতিথ্যত আৰু কেন্দ্ৰীয় সেৱাবাহিনীৰ উদ্যোগত  কমাৰগাৱঁৰ তামুলীপথাৰ শ্ৰীমন্ত শঙ্কৰদেৱ উচ্চ-মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় বিংশতিতম কেন্দ্ৰীয় ব’হাগী উৎসৱৰ ৷

এই উপলক্ষে ১২ মে’ পুৱা বিদ্যালয় প্ৰাংগনত প্ৰাত: প্ৰসঙ্গৰ পিচতে বোকাখাত জিলা সেৱা বাহিনীৰ জিলাধিনায়ক লোহিত কুমাৰ মৰাংৰ নেতৃত্বত পৰিৱেশ নিকাকৰণ কৰা হয় । পুৱা বৃক্ষ ৰোপন আৰু নামপ্ৰসংগৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বৃক্ষ ৰোপণ কৰে ক্ৰমে কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,হিমাংশু হাজৰিকা, বৰুৱা তামুলীপথাৰ অৰুণোদয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি অৰুণ ৰাজখোৱা, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়া, বৰুৱা গাঁও শঙ্কৰজ্যোতি নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ৰবিন গগৈ, অৱসৰপ্ৰাপ্ত শিক্ষক ধীৰেন বৰা, তামুলীপথাৰ গাওঁ প্ৰধান সদানন্দ বৰা, তামুলীপথাৰ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি হৰেন তামুলীয়ে । বোকাখাত জিলা শাখাৰ শৰণ সদস্য মহেশ্বৰ ৰাজবংশীয়ে নাম-প্ৰসঙ্গ কৰা পিছতে খুমটাই নিবাসী ডুৰেন্দ্ৰ হাতীবৰুৱাই তেখেতৰ প্ৰয়াত পিতৃ তৰুণ বৰুৱা সোঁৱৰণত আগবঢ়োৱা মূল তোৰণখন তামুলীপথাৰ শ্ৰীমন্ত শঙ্কৰদেৱ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক অমৃত জ্যোতি বৰাই উন্মোচন কৰে ।

পৰবৰ্তী সময়ত  পতাকা উত্তোলন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভবেন্দ্ৰনাথ ডেকাই ৷ কেন্দ্ৰীয় শিশু-আইমাতৃ কল্যাণ শাখাৰ দ্বাৰা বিভিন্ন জিলাৰ আইসকলৰ মাজত গামোচা আৰু পিঠাপনা প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ প্ৰতিযোগিতাত সঙ্ঘৰ কেইবাখনো জিলা শাখাৰ আই-মাতৃ সকলে অংশ গ্ৰহণ কৰে ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত সকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰে ৷ পিঠা পনা আৰু গামোচা প্ৰতিযোগিতা উদ্বোধন কৰে কেন্দ্ৰীয় শিশু আৰু আই-মাতৃ কল্যাণ শাখা সমিতিৰ সভানেত্ৰী ৰেখা তামুলীয়ে ।

দুপৰীয়ালৈ বোকাখাত জিলা শাখাৰ শিল্পী সকলৰ দ্বাৰা পৰিৱেশন হোৱা বৰগীতেৰে আৰম্ভ হয় “অসমীয়াৰ জাতীয় উৎসৱ বিহু - ঐতিহ্যৰ আৰু পৰম্পৰাৰ সংৰক্ষণ“ শীৰ্ষক আলোচনা চক্ৰ ৷  পদাধিকাৰ  ভবেন্দ্ৰনাথ ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰৰ উদ্বোধন কৰে প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই ৷ আলোচনা চক্ৰৰ আঁতধৰে কেন্দ্ৰীয় সেৱাবাহিনীৰ মুখ্য অধিনায়ক সঞ্জীৱ বৰাই ৷ আলোচনা চক্ৰত আলোচক হিচাপে ভাষণ আগবঢ়ায় লোক সংস্কৃতিৰ গৱেষক ড° প্ৰদীপ নেওগ আৰু সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি মৃনাল কুমাৰ বৰুৱাই । আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বোকাখাত সমষ্টিৰ মাননীয় বিধায়ক, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি অতুল বৰা ৷ সন্মানীয় অতিথি হিচাপে সঙ্ঘৰ উপদেষ্টা কমলাকান্ত গগৈ, বিশিষ্ট অতিথি হিচাপে সঙ্ঘৰ উপ পদাধিকাৰ চক্ৰধৰ সোনোৱাল, যুটীয়া সম্পাদক দেৱাঞ্জনা বৰা আৰু দিলীপ বৰা, সঙ্ঘৰ শিক্ষা শাখা সমিতিৰ সম্পাদক চন্দ্ৰকান্ত ভূঞা, সাহিত্য শাখা সমিতিৰ সম্পাদক ড° মানস প্ৰতীম বৰাকে ধৰি কেইবাখনো জিলা শাখাৰ সভাপতি সম্পাদক আৰু মূলৰ সদস্য সকল উপস্থিত থাকে । 

বিয়লিলৈ অনুষ্ঠিত হয়  হুঁচৰি আৰু মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠান । সংস্কৃতি শাখা সমিতিৰ কেন্দ্ৰীয় সভাপতি পবিত্ৰ প্ৰাণ বৰাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত সঙ্ঘৰ ৮ খন জিলা শাখাৰ সেৱাবাহিনীৰ হুঁচৰি দলে প্ৰদৰ্শন কৰাৰ উপৰিও  মিচিং জনগোষ্ঠী বিহু , ঠেঙাল কছাৰী হুচৰি , শিশু শিল্পী অনুপল হাজৰিকা আৰু শিল্পী বৰ্ষাগ্নী ডেকাৰ বাঁহীবাদনো প্ৰদৰ্শন কৰা হয় । বৰুৱা তামুলীপথাৰ আই-মাতৃ সকলৰ জেং বিহুৰদ্বাৰা আৰম্ভ হোৱা হুঁচৰি আৰু মুকলি বিহু প্ৰদৰ্শন অনুষ্ঠানত তিতাবৰ জিলা শাখাৰ আই-মাতৃ সকলেও জেংবিহু প্ৰদৰ্শন কৰে ৷ শেষত জিলা সম্পাদক যতীন লইঙে সকলোলৈকে শলাগ জ্ঞাপন কৰে ৷  

********