গঁড় হত্যা নহয় এতিয়া কভিড ১৯ ৰ সংক্ৰমণৰ বাবে বোকাখাত আৰক্ষী মুকামোৰনি হৈছে মনিপুৰৰ চোৰাং চিকাৰী চিনজাচন ভাল্টে :

গঁড় হত্যা নহয় এতিয়া কভিড ১৯ ৰ সংক্ৰমণৰ বাবে বোকাখাত আৰক্ষী মুকামোৰনি হৈছে মনিপুৰৰ চোৰাং চিকাৰী  চিনজাচন ভাল্টে :
Photo : Uttam Saikia

AIIDESH NEWS. 21 July : 

মনিপুৰৰ চুড়াচান্দ পুৰৰ এক বস্তিৰ পৰা বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰি অনা কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড চিনজাচন ভাল্টে এতিয়া বোকাখাত আৰক্ষীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে ৷ মনিপুৰতকৰায়ত্ব কৰা পিচত বোকাখাত আৰক্ষীৰ জিম্মাতে জেৰা কৰা হৈছিল চিনজাচন ভাল্টেক ৷ সম্প্ৰতি মনিপুৰৰ এই দুধৰ্ষ চিকাৰীৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ ধৰা পৰাৰ পিচত এতিয়া হুৱাদুৱা লাগিছে বোকাখাত আৰক্ষীৰ মাজত ৷ ২ জুলাইত মনিপুৰৰ চূড়াচান্দপুৰৰ পৰা কৰায়ত্ব কৰি অনা চোৰাংচিকাৰী চিনজাচন ভাল্টেক তদন্তৰ খাতিৰত জেৰা কৰোতে নিকট সান্নিধ্য লৈ আহিছিল বোকাখাতৰ আৰক্ষী ।  ২ জুলাইত মণিপুৰৰ আৰক্ষীৰ সহযােগত বোকাখাতৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্ত আৰু যানবাহন আৰক্ষীৰ নিতুল ফুকনৰ নেতৃত্বত যােৱা এটা দলে চোৰাংচিকাৰী জনক গ্রেপ্তাৰ কৰি গাড়ীৰে বোকাখাতলৈ আনিছিল ৷  ৩ জুলাইত চোৰাংচিকাৰী চিনজাচন ভাল্টেক আদালতত হাজিৰ কৰাই চাৰিদিনৰ বাবে নিজৰ জিম্মাত ৰাখিছিল বোকাখাত আৰক্ষীয়ে ৷ এই চাৰিদিনত বোকাখাত আৰক্ষীয়ে মাৰাথান জেৰা চলাইছিল  চিনজাচন ভাল্টেক ৷ চাৰিদিনৰ জেৰাৰ পিচত  কাৰাগাৰলৈ প্ৰেৰণ কৰা  হৈছিল চোৰাংচিকাৰী চিনজাচন ভাল্টেক । কিন্তু অনুসন্ধানৰ খাতিৰত পুনৰ ১৭ জুলাইত  চিনজাচন ভাল্টেক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ অনাহৈছিল ৷ এই সময়ছােৱাত কভিড ১৯ ৰ পৰীক্ষাৰ বাবে চিনজাচন ভাল্টেৰ স্বোৱাব সংগ্রহ কৰিছিল স্বাস্থ্য বিভাগে । ২০ জুলাইত স্বোৱাব পৰীক্ষাৰ শেষত চোৰাংচিকাৰী  চিনজাচন ভাল্টেৰ শৰীৰত কভিড ১৯ ৰ উপস্থিতি ধৰা পৰাত  আতংকিত হৈ পৰিছে বোকাখাত আৰক্ষী থানাৰ সকলাে আৰক্ষী । তাৎক্ষণিকভাবে অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰে থানাখনৰ লগতে থানাৰ চৌহদ বীজাণুমুক্ত কৰাৰ বাবে চেনিটাইজেচন কৰে বোকাখাত আৰক্ষীয়ে ।  চিনজাচন ভাল্টেৰ শৰীৰত কোভিড-১৯ ৰ সংক্ৰমণ  ধৰা পৰা পাচত এতিয়া থানা চৌহদ ৰ সকলাে আৰক্ষীয়েই আতংকিত হৈ পৰাৰ লগতে স্বোৱাব পৰীক্ষাৰ বাবেও সাঁজু হৈছে ৷