শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নতুন নিয়োগক লৈ উত্তপ্ত পৰিস্থিতি

শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নতুন নিয়োগক লৈ উত্তপ্ত পৰিস্থিতি

কভিড দায়িত্বৰ বাবে অন্য জিলাৰ চাৰি গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ যোগদানৰ পাছত প্ৰতিবাদ সাৱস্ত্য কৰে চিকিৎসালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে 


চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তপ্ত হৈ পৰিল শিৱসাগৰ অসামৰিক চিকিৎসালয়।চিকিৎসালয় খনৰ কভিড ৱাৰ্ডৰ বাবে বৰ্হি ৰাজ্যৰ চাৰি গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আজি যোগদান কৰাৰ পাছতে প্ৰতিবাদত নামি পৰে চিকিৎসালয় খনৰ সমূহ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।বছৰ বছৰ ধৰি অলপীয়া বেতনত অস্থায়ী ভাৱে দায়িত্ব পালন কৰি অহা এই সকল কৰ্মচাৰীয়ে কোনো কাৰণত বৰ্হি জিলাৰ পৰা এইদৰে স্থায়ী পদত কৰ্মচাৰী নিয়োগত ক্ষোভ প্ৰকাশ কৰিছে।এনে নিয়োগৰ বিৰোধিতা কৰি আজি চিকিৎসালয়ৰ চৌহদত প্ৰতিবাদ সাৱস্ত্য কৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে।বিভিন্ন ধৰ্ণা-শ্লগান দি কৰ্মচাৰী সকলে  অনতিপলমে এনে বৰ্হি জিলাৰ নিয়োগ বাতিল কৰি বৰ্তমান কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ আৰু বেতন বৃদ্ধিৰ দাবী উত্থাপন কৰিছে।

আনহাতে এই ঘটনা সন্দৰ্ভত নিজ স্থিতি মুকলি কৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই।শিৱসাগৰ অসামৰিক চিকিৎসালয়ত কভিড দায়িত্বৰ বাবে ৮ গৰাকী চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ প্ৰয়োজন স্বাস্থ্য সঞ্চালকালয়ক জনাইছিল চিকিৎসালয় কৰ্তৃপক্ষই।সেই অনুসৰি ৪ জন কৰ্মচাৰীক সঞ্চালকালয়ে নিয়োগ কৰিছে।ইয়াৰ অৰ্থ এইটো নহয় যে বৰ্তমান কৰ্মৰত কোনো কৰ্মচাৰীক চাকৰিৰ পৰা খেদোৱা হব।এই চাৰি গৰাকীৰ নিযুক্তি সঞ্চালকালয়ে দি কভিড দায়িত্বৰ বাবে শিৱসাগৰত নিযুক্তি দিছে। এই দেশ শিৱসাগৰ ।