১০১ গছি বন্তি প্ৰজ্বলনেৰে যোৰহাট আছুৰ শ্ৰদ্ধাঞ্জলি

১০১ গছি বন্তি প্ৰজ্বলনেৰে যোৰহাট আছুৰ শ্ৰদ্ধাঞ্জলি

নেকিব আহমেদ, যোৰহাট  :  নকছাৰি অঞ্চলৰ গাভৰু চাহ বাগিচাত যোৱা ২৯ তাৰিখে এচাম মানুহৰূপী দানৱৰ বৰ্বৰতাৰ বলি হৈ অকাল মৃত্যুক সাৱটি লোৱা সম্ভাৱনাময় যুৱক দেৱাশীষ গগৈ নামৰ যুৱকজনৰ আত্মাৰ চিৰশান্তি কামনাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত ১০১ গছি বন্তি প্ৰজ্বলনেৰে বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।  শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা বিজয় শংকৰ বৰদলৈয়ে কয় , হত্যাকাৰীৰ কোনো জাতি-বৰ্ণ-ধৰ্ম নাই , হত্যাকাৰী কেৱল হত্যাকাৰী । হত্যাকাৰীয়ে কঠোৰ শাস্তি প্ৰদানৰ বাবে ছাত্ৰ সন্থাই জিলা প্ৰশাসনক দাবী জনাই আহিছে। সকলো হত্যাকাৰীয়ে শাস্তি নোপোৱা পৰ্যন্ত ছাত্ৰ সন্থাই প্ৰয়োজন সাপেক্ষে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব । এই হত্যাক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰি যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা আৰু সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই কয় , গণ হত্যাৰ এইয়াই শেষ ঘটনা হওঁক । বহুসময়ত বহুজন হেৰাই গ’ল কিন্তু বৰ্তমান পৰ্যন্ত ম’ব লিঞ্চিঙৰ যিখন আইন সেইখন কঠোৰ ৰূপত প্ৰণয়ন হোৱা দেখা নগ’ল । ম’ব লিঞ্চিঙৰ আইন কেৱল ৰাজনৈতিক ভাষণতেই সীমাবদ্ধ হোৱা দেখা গ’ল । অতি আশ্চৰ্যকৰ কথা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বৰ্তমান পৰ্যন্ত এই ম’ব লি়ঞ্চিহৰ প্ৰস্তাৱিত বিধয়েক খনত স্বাক্ষৰ কৰা নাই , যাৰ ফলত এই বিধেয়কখন বৰ্তমানেও আইনত পৰিণত হোৱা নাই । এইটো সমগ্ৰ দেশবাসীৰ বাবেই এক দুৰ্ভাগ্যজনক কথা ।গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট দাবী , ভৱিষ্যত দিনত এনে গণহত্যা ৰোধ কৰাৰ স্বাৰ্থত অতিশীঘ্ৰে এই বিধেয়কখন আইনত পৰিণত কৰি দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে ।