কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান উদ্যোগত কাজিৰঙাত ঐতিহ্য সংৰক্ষণৰ বিশেষ অনুষ্ঠান :

 

Aiidesh News : 12 February 2024 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল আৰু ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসুচীৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত নেচাৰচ কোৰাচ, হেৰিটেজ নেৰেটিভচ ফ্ৰম কাজিৰঙা এণ্ড বিয়ণ্ড শীৰ্ষক এক মনোজ্ঞ কাৰ্যসুচী অনুষ্ঠিত হয় ৷ ঐতিহ্যৰ বিৱৰণ আৰু সংৰক্ষনৰ কাৰণে সজাগতা সৃষ্টিৰ বাবে আয়োজিত এই কাৰ্যসুচীত দেশৰ আগশাৰীৰ প্ৰসিদ্ধ লেখক ষ্টিফেন অল্টাৰ, অধ্যাপক অৰূপ দত্ত, শীলা বৰা, ৰাজা কাজমী আৰু বন্দনা মেননে অংশ গ্ৰহন কৰি ব্যক্তিগত অভিজ্ঞতাৰ বিৱৰনীৰে কাৰ্যসুচী সজাই তোলে ৷ উপস্থিত অতিথি সকলক গলবস্ত্ৰ আৰু স্মাৰকেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৰফৰ পৰা আদৰণি জনোৱা হয় ৷

আৰম্ভনীতেই ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ ন'ডেল বিষয়া ড৹ আৰ সুৰেশ কুমাৰে আদৰণি ভাষণ প্ৰদান কৰাৰ পিচতেই কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে বিশ্ব ঐতিহ্য কাজিৰঙাৰ প্ৰসংগৰে উপস্থিত ছাত্ৰ ছাত্ৰীৰে মত বিনিময় কৰে ৷ পৰৱৰ্তী সময়ত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ কাৰিকৰী বিষয়া নিৰজ কাকতী আৰু প্ৰতিষ্ঠানটোৰ বিশ্ব ঐতিহ্য সহকাৰী অনুৰাঞ্জন ৰয়ে প্ৰাকৃতিক ঐতিহ্য আৰু ইয়াৰ আচৰ্যকৰ সমাহাৰৰ বিষয়ত সচিত্ৰ উপস্থাপন কৰে ৷

অনুষ্ঠানত ভাৰতৰ আগশাৰীৰ লেখক ষ্টিফেন অল্টাৰে এ নেচাৰেলিষ্ট গেজ নামেৰে এলানি ফটোগ্ৰাফেৰে ‘এ নেচাৰেলিষ্ট গেজ’ নামক মনোৰম কাহিনী অনুষ্ঠান ছাত্ৰ ছাত্ৰীৰ পৰিৱেশন  কৰে ৷ একেদৰে অসমৰ মনোৰম কাহিনীৰে মত বিনিময় কৰে অসমৰ বিশিষ্ট লেখক সাংবাদিক অৰূপ দত্তই ৷ একেদৰে অধ্যাপক ড৹ শীলা বৰাই অসমৰ প্ৰকৃতি আৰু সংস্কৃতিৰ বিষয়ে ব্যক্ত কৰে ৷ শেষত ৰাজা কাজমী আৰু বন্দনা মেননৰ ঐতিহ্যৰ কাহিনী, প্ৰকৃতি আৰু জনসাধাৰণ শীৰ্ষক বক্তব্যৰে অনুষ্ঠানৰ সামৰণি পৰে ৷ অনুষ্ঠানত বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়, কাজিৰঙা চৰকাৰী মহাবিদ্যালয় আৰু কাজিৰঙা বিশ্ববিদ্যালয়ৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ অনুষ্ঠানৰ শেষত অংশগ্ৰহনকাৰী ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰ প্ৰদান কৰা হয় ৷

************