৫ খন জিলাক হটস্পট আৰু ৭ খন ক নন হটস্পট হিচাপে ঘোষণা

৫ খন জিলাক হটস্পট আৰু ৭ খন ক নন হটস্পট হিচাপে ঘোষণা

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ।দেশৰ ১১৭ খন জিলাক হটস্পট হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা।নন হটস্পট হিচাপে সমগ্ৰ দেশত ২০৭খন জিলাক চিনাক্ত।অসমৰ ৫ খন জিলাক হটস্পট আৰু ৭ খন জিলাক নন হটস্পট হিচাপে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা।কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভিত্তিত ৩ টা ভাগত বিভক্ত কৰা হৈছে জিলাসমূহক।মৰিগাঁও,গোৱালপাৰা,গোলাঘাট,ধুবুৰী আৰু নলবাৰীক হটস্পট জিলা হিচাপে ঘোষণা কৰা হৈছে।নন হটস্পতৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে কামৰূপ, কামৰূপ মহানগৰ, লখিমপুৰ,কাছাৰ, হাইলাকান্দি,দক্ষিণ শালমাৰা,কৰিমগঞ্জ আৰু মানকাচৰক।