উত্তৰ গুৱাহাটী গৌৰীপুৰত বনজুই
                        চাংসাৰি থানাৰ অন্তৰ্গত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীৰ সমীপৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা পাহৰত আজি সন্ধিয়া প্ৰচণ্ড বনজুই বিয়পি অঞ্চলবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । আজি সন্ধিয়াৰ পৰা অহা বতাহ জাকৰ লগতে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীৰ সমীপতে থকা পাহাৰত বনজুই বিয়পে।
বৰ্তমান বতাহৰ বাবে জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। জুইৰ ভয়াবহতালৈ চাই পাহাৰত থকা ঘৰবোৰ জুইত জাহ যোৱা উপক্ৰম হৈছে। আৰক্ষী, স্হানীয় ৰাইজ তথা অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে জুই নিৰ্বাপিত হোৱা নাই । ৰাইজে আশা কৰিছে শীঘ্ৰেই সৰ্ব প্ৰচেষ্টাত বন জুইকুৰা নিৰ্বাপিত হব আৰু পাহাৰ খন ধংস হোৱাৰ পৰা ৰক্ষা পৰিব।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
