দহ লাখটকীয়া কুন্দিকু চাৰিশালৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ

অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী দেউৰী সম্প্ৰদায়ৰ কাচিকটা পিঠাগুড়িত আজি দহলাখ টকাৰে নিৰ্মাণ হব লগা দেউৰী কুন্দিকু চাৰিশালৰ নিৰ্মাণৰ আধাৰশিলাৰ লগতে কামৰ শুভাৰম্ভ হয় । সেই উদ্দেশ্যে দেউৰী স্বায়ত্ব পৰিষদৰ গড়কাপ্তানি বিভাগৰ পৰা লাভ কৰা পৰিষদৰ ১৩ নং কাচিকটাৰ পিঠাগুড়িত আজি সমষ্টিটোৰ ক্ৰানকৰ্তা উত্তম দেউৰীয়ে কুন্দিমামাৰ আশীৰ্বাদ শিৰত লৈ কামৰ শুভাৰম্ব কৰে আৰু শীঘ্ৰে দিনীয়া এটা বৃহৎ সমস্যাৰ সমাধান হব বুলি স্থানীয় ৰাইজৰ মন আনন্দিত হয় । উল্লেখযোগ্য যে সুদীৰ্ঘ দিন ধৰি দেউৰী স্বায়ত্ব পৰিষদৰ বিভিন্ন সমস্যাৰ মাজত সমভাগি হোৱা উত্তম দেউৰীৰ এনে পদক্ষেপত কাচিকটা সমষ্টি বাসী ৰাইজে ভূশয়ী প্ৰসংশিত হৈ ধন্যবাত জ্ঞাপন কৰে।