যোৰহাটৰ বজাৰত উপলব্ধ হব সুলভ মূল্যৰ ফেচ শিল্ড

যোৰহাটৰ বজাৰত উপলব্ধ হব সুলভ মূল্যৰ ফেচ শিল্ড

কভিড ১৯ৰ বিৰুদ্ধে মানৱ জাতিয়ে যি যুঁজ দি আহিছে, সেই যুঁজৰ সন্মুখত থাকি গুৰি ধৰি আহিছে জৰুৰীকালীন সেৱাৰ লগত জড়িত একাংশ লোকে। সেইয়া স্বাস্থ্য কৰ্মীয়েই হওঁক, আৰক্ষী লোকেই হওক বা সংবাদ মাধ্যমৰ লগত জড়িত লোকেই হওক। এই সকলক আমি কভিড ১৯ৰ বিৰুদ্ধে যুদ্ধৰ আগশাৰীৰ যোদ্ধা বুলি কব পাৰো। কিন্তু একাংশ এনে লোকো আছে, যি সকলে এই কৰ’ণাৰ বিৰুদ্ধে যুদ্ধত প্ৰত্যক্ষ ভাবে জড়িত নহৈও ফ্ৰণ্ট লাইনৰ যোদ্ধা সকলক সহায় কৰি আহিছে। থলুৱা বাঁহৰ লগতে এই লক ডাউনৰ সময়ত সহজেই উপলব্ধ ৰবৰ বেণ্ড, গামোচা আৰু প্লাষ্টিকেৰে নিৰ্মাণ কৰি উলিয়াইছে এই ফেচ শ্বিল্ড। যোৰহাট জিলা উপায়ুক্তৰ অনুৰোধ মৰ্মে নেচেনেল ইন্সটিটিউট অব ডিজাইন, চমুকৈ এন আই ডিয়ে দিয়া আৰ্হিত তৈয়াৰ কৰা হৈছে এই ফেচ শ্বিল্ড। ক্ৰাফ্ট ইন হ’ম ডেক’ৰ ইণ্ডিয়া প্ৰাইভেট লিঃ নামৰ প্ৰতিষ্ঠানটোৰ উদ্যোগত ইতিমধ্যে এনে ফেচ শ্বিল্ড তৈয়াৰ কৰাৰ কাম আৰম্ভ হৈছে আৰু এই ফেচ শ্বিল্ড অতি সুলভ মূল্যত মাত্ৰ ৫০ টকাতে ফ্ৰন্ট লাইন যোদ্ধা সকলৰ লগতে যোৰহটীয়া ৰাইজেও ক্ৰয় কৰিব পাৰিব বুলি জানিবলৈ দি:ছে।