আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ ভৱেশ বৰুৱাৰ সোঁৱৰণত জীৱন জোৰা সাধনা বঁটাৰ ঘোষণা :

আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া আৰু প্ৰতিষ্ঠাপক সম্পাদকৰ ভৱেশ বৰুৱাৰ সোঁৱৰণত জীৱন জোৰা সাধনা বঁটাৰ ঘোষণা  :
Aiidesh Photo

Aiidesh News  : 8 December 2023  :

অসমৰ সংবাদ ক্ষেত্ৰখনত মফচলীয়া সাংবাদিক তথা সংবাদকর্মীসকলৰ সুৰক্ষাৰ লগতে সংবাদ মাধ্যমৰ মৰ্যাদা অটুট ৰখাৰ স্বাৰ্থত ১৯৯৩ চনৰ ৩০ এপ্ৰিলত প্রতিষ্ঠা লাভ কৰে চৰকাৰী পঞ্জীভুক্ত সাংবাদিক সংগঠন 'আসাম প্রেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন' চমুকৈ 'আপকু'য়ে । আসাম প্ৰেছ কৰেছপন্ডেন্টছ ইউনিয়ন য়ে বিগত বৰ্ষবোৰত সংবাদ ক্ষেত্ৰখনৰ বাবে প্ৰদান কৰি অহা বিভিন্ন বঁটাৰ লগতে চলিত বৰ্ষৰ পৰা সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ সোঁৱৰণীত আপকু জীৱন জোৰা সাধনা বঁটা আৰু প্ৰতিষ্ঠাপক সম্পাদক ভৱেশ বৰুৱাৰ সোঁৱৰণীত আপকু জীৱন জোৰা সাধনা বঁটা নামৰ দুটা বঁটা আগবঢ়াইছে ৷

প্ৰথম বাৰৰ বাবে আপকুয়ে আগবঢ়োৱা প্ৰতিষ্ঠাপক সভাপতি ভৱেশ শইকীয়া সোঁৱৰণীত আপকু জীৱন জোৰা সাধনা বঁটা সংগঠনটোৰ প্ৰাক্তন সভাপতি ডিব্ৰুগড়ৰ মনোজ সিঙলৈ আৰু প্ৰতিষ্ঠাপক সম্পাদক ভৱেশ বৰুৱাৰ সোঁৱৰণীত আপকু জীৱন জোৰা সাধনা বঁটা শিৱসাগৰৰ সাংবাদিক পদুম কুমাৰ শইকীয়ালৈ আগবঢ়াইছে ৷

অহা ১০ ডিচেম্বৰত গহপুৰ মহকুমা সমিতিৰ আতিথ্যত গহপুৰত অনুষ্ঠিত হ'ব লগা আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়নৰ ষষ্ঠদশ কেন্দ্রীয় মধ্যকালীন অধিৱেশনৰ মুকলি সভাত সংগঠনটোৰ তৰফৰ পৰা এই দুই বঁটা ৰ্ৰদান কৰা হ'ব ৷

********