বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ উদ্যোগত উজনি অসম বিকলাংগ কেন্দ্ৰত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন :

 

Aiidesh News : 31st October  :

সমগ্ৰ দেশৰ লগতে আজি বোকাখাততো চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম দিৱস “ৰাষ্ট্ৰীয় একতা দিৱস” হিচাবে উদযাপন কৰা হয় । বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ উদ্যোগত আজি বোকাখাতত থকা উজনি অসম বিকলাংগ কেন্দ্ৰত ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশেষ অনুষ্ঠান উদযাপন কৰা হয় ৷ মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ছাত্ৰ ছাত্ৰী সকলে পদযাত্ৰাৰে উজনি অসম বিকলাংগ কেন্দ্ৰলৈ গৈ ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে কেন্দ্ৰৰ দিবাংগ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে ৷ অনুষ্ঠানত উজনি অসম বিকলাংগ কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতি জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱা, সম্পাদক উত্তম শইকীয়া, বিকলাংগ বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী কুঞ্জলতা দাস, জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সমন্বয়ক প্ৰৱক্তা প্ৰশান্ত শইকীয়া, মতিৰাম দাস,  দিক্ষা শইকীয়া আৰু কবীৰ বাঢ়ৈৰ উপৰিও উজনি অসম বিকলাংগ কেন্দ্ৰৰ শিক্ষক কৰ্মচাৰী সকলো উপস্থিত থাকে ৷

প্ৰৱক্তা প্ৰশান্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰৰ দিবাংগ ছাত্ৰ ছাত্ৰীৰ উপৰিও জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ ৰঞ্জিত কলিতা, চিন্ময় তালুকদাৰ আৰু ছাত্ৰী কবিতা শইকীয়াই গীত মাত পৰিবেশন কৰে ৷ অনুষ্ঠানত প্ৰৱক্তা দিক্ষা শইকীয়াই সকলোকে ৰাষ্ট্ৰীয় একতা দিৱসৰ বাবে দেশৰ অখণ্ডতা ৰখাৰ শপত বাক্য পাঠ কৰোৱাই ৷

ইফালে বোকাখাত মহকুমাৰ  মহকুমাধিপতিৰ  কাৰ্যালয় আৰু পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাতৰ কাৰ্যালয়তো ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশেষ অনুষ্ঠানো অনুষ্ঠিত হয় ৷ অনুষ্ঠানত মহকুমাধিপতি কাৰ্যালয়ত মহকুমাধিপতি ডাঃ নেহা যাদৱে আৰু পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত তৰুণ গগৈয়ে সমবেত হোৱা বিষয়া আৰু কৰ্মচাৰীক ৰাষ্ট্ৰীয় অখণ্ডতা আৰু একতাৰ শপত বাক্য পাঠ কৰোৱায় ।