দুৰ্ঘটনাত পতিত কাজিৰঙাৰ সঞ্চালকৰ ব্যক্তিগত বাহন : কথমপি প্ৰাণ ৰক্ষা সঞ্চালক ড৹ সোনালী ঘোষৰ :

দুৰ্ঘটনাত পতিত কাজিৰঙাৰ সঞ্চালকৰ ব্যক্তিগত বাহন : কথমপি প্ৰাণ ৰক্ষা সঞ্চালক ড৹ সোনালী ঘোষৰ  :
Aiidesh Photo

দুৰ্ঘটনাত পতিত কাজিৰঙাৰ সঞ্চালকৰ ব্যক্তিগত বাহন : কথমপি প্ৰাণ ৰক্ষা সঞ্চালক ড৹ সোনালী ঘোষৰ  :

Aiidesh News : 03 September 2023  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নৱ নিযুক্ত ক্ষেত্ৰ সঞ্চালক, ভাৰতীয় বন সেৱাৰ বিষয়া তথা মুখ্য বন সংৰক্ষক ড৹ সোনালী ঘোষৰ ব্যক্তিগত বাহন এক পথ দুৰ্ঘটনাত পতিত হয় । কাজিৰঙাৰ হাটীখুলিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থকা গৰু বচাবলৈ গৈ দুৰ্ঘটনাত পতিত হয় সঞ্চালক গৰাকীৰ এ এছ ০১ এফ জি ৬১৫৩ নম্বৰৰ স্ক্ৰপিঅ' বাহন খন ৷ পথ দুৰ্ঘটনাত সঞ্চালক গৰাকীৰ বাহন খন বিধস্ত হয় যদিও কথমপিহে ৰক্ষা পৰে সঞ্চালক ড৹ সোনালী ঘোষ ৷ দুৰ্ঘটনাৰ পিচতেই সঞ্চালক ড৹ সোনালী ঘোষক বাগৰি বনাঞ্চললৈ লৈ যোৱা হয় ৷ সম্প্ৰতি সঞ্চালক গৰাকী সম্পুৰ্ণ বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷

*******