বোকাখাতত প্ৰেৰণাময়ী অন্নদা শ‍ইকীয়া সোঁৱৰণি কবি সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান : মুখপত্ৰ বাটচ'ৰা উন্মোচন :

বোকাখাতত প্ৰেৰণাময়ী অন্নদা শ‍ইকীয়া সোঁৱৰণি কবি সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান  : মুখপত্ৰ বাটচ'ৰা উন্মোচন  :
Aiidesh Photo
বোকাখাতত প্ৰেৰণাময়ী অন্নদা শ‍ইকীয়া সোঁৱৰণি কবি সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান  : মুখপত্ৰ বাটচ'ৰা উন্মোচন  :

Aiidrsh news : 19 November  2023  :

বোকাখাত মহকুমা কবি সন্মিলন আৰু স্থানীয় গোপিকানন্দ শ‍ইকীয়া ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত ১৯ নৱেম্বৰত বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত প্ৰেৰণাময়ী অন্নদা শ‍ইকীয়া সোঁৱৰণি কবি সন্মিলন আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷

অনুষ্ঠানৰ পুৱা বস্তি প্রজ্বলন কৰে বোকাখাত পুৱতি সাহিত্য সভা সভাপতি অপূৰ্ব বৰদলৈয়ে ৷ স্মৃতি তৰ্পন কৰে গোলাঘাটৰ হেমপ্রভা বৰবৰা বালিকা মহাবিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা ৰীণা শ‍ইকীয়াই ৷ বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক অজন্তা তালুকদাৰে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণীতে ৰিজুমণি বৰা হাজৰিকাৰ পৰিচালনাত বোকাখাতৰ পূর্ববংগ সংগীত একাডেমীৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা বৰগীত পৰিৱেশন কৰা হয় ৷ 

বোকাখাতৰ বিশিষ্ট কবি মিনতি দলেৰ পৌৰহিত্যত অনুষ্ঠিত এই অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি জেষ্ঠ সাংবাদিক বুবুল দত্তই নিদিৰ্ষ্ট বক্তা হিচাবে উপস্থিত থাকি প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ জীৱনৰ ওপৰত সবিস্তাৰে বক্তব্য দাঙি ধৰে ৷ সভাত বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপুৰ্ব বৰদলৈ, গোপিকানন্দ শইকীয়া ফাউণ্ডেচনৰ সভাপতি গোপিকানন্দ শইকীয়া, চিদানন্দ শইকীয়াৰ পৰিয়ালৰ অন্যতম বয়োজেষ্ঠা সদস্য চন্দ্ৰপ্ৰভা শইকীয়া, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভাপতি পুতুলী খাউণ্ড, গোলাঘাট জিলা সাহিত্য সভাৰ কবি সন্মিলন উপ-সমিতিৰ কাৰ্যকৰী সভাপতি কল্পনা চেতিয়া, গোলাঘাট জিলা কবি সন্মিলনৰ অমৰ শৰ্মা, সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ৰাজুমণি বেজবৰুৱা সাংগঠনিক সম্পাদক হেমা চৌধুৰী গগৈ, কার্যনির্বাহক সদস্য স্বাগতা বৰা, উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা, সদৌ অসম কবি সন্মিলন কার্যনির্বাহক সদস্য মৃদুস্মিতা শর্মা আদি উপস্থিত থাকে ৷ অনুষ্ঠানতে বোকাখাত মহকুমা কবি সন্মিলনৰ মুখপত্র 'বাটচ'ৰা' উন্মোচন কৰা হয় ৷ উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মাই ৷

বিয়লিলৈ অনুষ্ঠিত কবি সন্মিলনৰ উদ্বোধন কৰে গোলাঘাট জিলা কবি সন্মিলনক কাৰ্যনির্বাহক সভাপতি অমৰ শৰ্মা ৷ কবি সন্মিলনত ন পুৰণি শতাধিক কবিয়ে অংশ গ্ৰহন কৰি স্বৰচিত কবিতা পাঠ কৰে ৷

********