গহপুৰত ঢেকীয়াপতীয়া বাঘৰ হাঁড় উদ্ধাৰ : ঘটনা সম্পৰ্কত ৫ জনক আটক :

গহপুৰত ঢেকীয়াপতীয়া বাঘৰ হাঁড় উদ্ধাৰ : ঘটনা সম্পৰ্কত ৫ জনক আটক  :
Aiidesh Photo
গহপুৰত ঢেকীয়াপতীয়া বাঘৰ হাঁড় উদ্ধাৰ : ঘটনা সম্পৰ্কত ৫ জনক আটক  :

Aiidesh News : 23 November - 2025 : 

এক গোপন সুত্ৰৰ আধাৰত যোৱা নিশা চলোৱা এক অভিযানত গহপুৰৰ শিমলুগুৰি বালিগাওঁৰ দ্বিপেন পেগু নামৰ এজন ব্যক্তিৰ পৰা অভিযানকাৰীৰ দলে ঢেকীয়াপতীয়া বাঘৰ ভালে সংখ্য হাঁড় উদ্ধাৰ কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ গমিৰি বনাঞ্চল আৰু অপৰাধ অনুসন্ধান গোটৰ দ্বাৰা চলোৱা এই অভিযানত ঢেকীয়াপতীয়া বাঘৰ হাঁড়ৰ লগতে ইলিৰাম দলে, ৰিপুন পেগু,কেৰাণী কামান, পুলিচ কুটুম, আৰু দ্বিপেন পেগুক লৈ মুঠ ৫ জন লোকক আটক কৰে । জানিব পৰা মতে ধৃত লোক কেইজনে বাঘৰ হাঁড় বিক্ৰী কৰিবৰ বাবে চেষ্টা কৰিছিল । ধৃত লোক কেইজন পুৰ্বতে গঁড়়ৰ খৰ্গৰ চোৰা ব্যৱসায় আৰু গঁড় হত্যাৰ লগতো জড়িত বুলি বনবিভাগৰ সুত্ৰত প্ৰকাশ । ঘটনাৰ সম্পৰ্কত অধিক তথ্যৰ বাবে অনুসন্ধান চলাই আছে বন বিভাগে । 

*********