অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰ কোনো বাতৰি পৰিৱেশন নকৰে বোকাখাতৰ সাংবাদিকে :

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰ কোনো বাতৰি পৰিৱেশন নকৰে বোকাখাতৰ সাংবাদিকে  :
Aiidesh Photo

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰ কোনো বাতৰি পৰিৱেশন নকৰে বোকাখাতৰ সাংবাদিকে 


Aiidesh News  : 11 October  :


অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰ সকলো ধৰনৰ বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিব বোকাখাতৰ সমুহ সাংবাদিক ৷ ১০ অক্টোবৰত বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইলেক্টেৰনিকচ মেডিয়া জাৰ্নেলিষ্ট এচোচিয়েচন চমুকৈ ইমজাৰ মাজত হোৱা এক ত্ৰি পাক্ষিক আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ 


অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিয়ে ৯ অক্টোবৰত বোকাখাত নাট্য মন্দিৰত বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছিল ৷ অনুষ্ঠানত মহকুমাধিপতি ডাঃ নেহা যাদৱো উপস্থিত আছিল ৷ কিন্তু ছাত্ৰ সংগঠনটোৱে বোকাখাতৰ কোনো সাংবাদিক বা বোকাখাতৰ কোনো সংবাদ সংগঠনক উক্ত অনুস্থানলৈ আমন্ত্ৰণ নজনালে ৷ 


সেয়েহে বোকাখাতৰ সমুহ সাংবাদিকে অনিৰ্দিষ্ট কালৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বোকাখাত মহকুমা সমিতিৰ সকলো বাতৰি পৰিৱেশনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে জেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাৰ বোকাখাতত থকা  কাৰ্যসূচী সমুহ মহকুমা প্ৰশাসনক স্থানীয় সাংবাদিকৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়  ৷

*******