উৰুকাত পৰম্পৰাৰ নামত একাংশ লোকে ভাৰতীয় বন্যপ্ৰাণী আইনক উলংঘা কৰি কাজিৰঙাত চলোৱা তাণ্ডৱ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি : কাজিৰঙাক ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ সচেতন লোকৰ:

উৰুকাত পৰম্পৰাৰ নামত একাংশ লোকে ভাৰতীয় বন্যপ্ৰাণী আইনক উলংঘা কৰি কাজিৰঙাত চলোৱা তাণ্ডৱ প্ৰতিহত কৰাৰ বাবে প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি  : কাজিৰঙাক ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ সচেতন লোকৰ:
Official Order Copy

Aiidesh News  : 12 January 2024 :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলেই হ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত থলুৱা মাছৰ একমাত্ৰ উৎস ৷ কাজিৰঙা থলুৱা মাছৰ একমাত্ৰ সুৰক্ষিত প্ৰজনন ক্ষেত্ৰ ৷ কাজিৰঙাত উৎপাদিত মাছেই বাৰিষা ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানলৈ ওলাই গৈ সমগ্ৰ ৰাজ্যতে মাছৰ যোগান ধৰাৰ লগতে ভাৰসাম্যতাও ৰক্ষা কৰে ৷ কাজিৰঙাৰ বাহিৰে ৰাজ্যখনৰ সকলোতে থলুৱা মাছ অভাৱনীয় ভাৱে শেষহৈ আহিছে ৷ বিশেকৈ মৎস্য আইন উলংঘা কৰি বহু লোকো বাৰিষা সময়চোৱা কনী থকা মাছ ধৰি নীতি বিৰুদ্ধ ভাৱে কৰা অবৈধ কাৰ্যৰেই এইয়া ফল ৷ যাৰ পটভূমিত থলুৱা মাছৰ সংৰক্ষিত স্থান হৈ আছে গৈ কাজিৰঙাৰ জলাশয় ৷ 

পৰম্পৰাৰ দোহাই দি এতিয়া কাজিৰঙাৰ এই মাছৰ একমাত্ৰ প্ৰাকৃতিক প্ৰজনন ক্ষেত্ৰতো এচাম লোকে ভাৰতৰ বন্যপ্ৰাণী আইনক উলংঘা কৰি তাণ্ডৱৰ সৃষ্টি কৰে ৷ যাৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰে ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱতন্ত্ৰৰ ওপৰত ৷ কাজিৰঙাত যাতে একাংশ লোকে ভোগালীৰ উৰুকাত পৰম্পৰাৰ নামত তাণ্ডৱ চলাব নোৱাৰে তাৰ বাবে গোলাঘাট আৰু নগাওঁ জিলাৰ আয়ুক্তই জিলা দুখনৰ ৰাষ্ট্ৰীয় উদ্যান অংশত মাছ মৰা নিষিদ্ধ কৰি ভাৰতীয় দণ্ডাবিধি আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ৷ ভোগালীৰ উৰুকাত কোনো লোকে যাতে মাছ মৰাৰ নামত আইন উলংঘা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এই নিষেধজ্ঞা জাৰি কৰিছে ৷ সৰ্ব সাধাৰণৰ জ্ঞাতাৰ্থে এই জাননী জাৰি কৰি পৰম্পৰাৰ নামত আইন উলংঘা নকৰিবৰ বাবেও সকিয়াই দিছে ৷ যাৰ বাবে এনে আইন বিৰুদ্ধ কাৰ্য প্ৰতিহত কৰাৰ বাবে কাজিৰঙাত আৰক্ষী আৰু বনকৰ্মীকো সাঁজু কৰিছে আৰক্ষী আৰু বন বিভাগে ৷ ইয়াৰ পিচত যিসকল লোকে এনে কাৰ্য গ্ৰহন কৰে তেওঁলোকৰ ওপৰত আইন অমান্য কৰাৰ বাবে শাস্তিমুলক ব্যৱস্থা গ্ৰহন কৰিব প্ৰশাসনে  ৷ ইফালে দুৰ্যোগৰ সময়ত কাজিৰঙাক ৰক্ষা কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ সচেতন লোকৰ ৷

*******