জাপানৰ চাকুৰা বিজ্ঞান কাৰ্যসুচীত অংশগ্ৰহনৰ বাবে নিৰ্বাচিত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰূপামনি ওৰাং : ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে আজি উৰামাৰিব জাপানলৈ :

জাপানৰ চাকুৰা বিজ্ঞান কাৰ্যসুচীত অংশগ্ৰহনৰ বাবে নিৰ্বাচিত বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ৰূপামনি ওৰাং : ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে আজি উৰামাৰিব জাপানলৈ :
Aiidesh photo

Aiidesh News : 23 May - 2026 : 

বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাৰ দ্বাদশ শ্ৰেণীৰ  ছাত্ৰী ৰূপামণি  ওৰাঙয়ে   আজি অসমৰ আন ৩ জন  মেধাৱী  ছাত্ৰ  ছাত্ৰী আৰু অসম চৰকাৰৰ  মাধ্যমিক শিক্ষা বিভাগৰ  বিষয়ববীয়াৰ  সৈতে  চাকুৰা বিজ্ঞান কাৰ্যসুচীত অংশগ্ৰহন কৰাৰ বাবে জাপানলৈ  যাত্ৰা  কৰিছে । উল্লেখ্য যে চাকুৰা বিজ্ঞান কাৰ্যসুচী হ’ল জাপান আৰু এচিয়াৰ দেশ সমুহৰ মাজত বিজ্ঞান শিক্ষাৰ বাবে শিক্ষাৰ্থী বিনিময়ৰ এক বিশেষ কাৰ্যসুচী । জাপান চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি এজেঞ্চিয়ে ২০১৪ চনৰ পৰা আৰম্ভ কৰা এই কাৰ্যসুচীত ভাৰতে ২০১৬ চনৰ পৰা অংশগ্ৰহন কৰি আহিছে । এই বছৰৰ বাবে বিশ্বৰ অনান্য দেশকো এই কাৰ্যসুচীলৈ আমন্ত্ৰন জনাইছে জাপানে । এই চাকুৰা বিজ্ঞান কাৰ্সুচীত অংশগ্ৰহন কৰা ৰূপামণি  ওৰাঙ  বোকাখাত সমজিলা আৰু বোকাখাত উচ্চতৰ  মাধ্যমিক  বিদ্যালয়ৰ  প্ৰথম গৰাকী  ছাত্ৰী ।

বোকাখাতৰ ৰূপামনি ওৰাঙৰ লগত গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ জ্যোতিষমান বৰ্মন, টিহু মহাবিদ্যালয়ৰ মনজিত শৰ্মা আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিঞ্চিপ্ৰিয়া গগৈয়েও জাপানলৈ যাত্ৰা কৰিছে । অসমৰ এই দলটোয়ে আজি দিল্লীৰ ৰাষ্ট্ৰীয় শিক্ষক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ মুখ্যালয়ত ভাৰতীয় দলটোৰ লগত যোগদান কৰিব । ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ এই দলটোৰ লগত বোকাখাত উচ্চতৰ মাধ্যমিকৰ মেধাৱী ছাত্ৰী ৰূপামনি ওৰাঙে ২৩ মে’ৰ নিশা দিল্লীৰ আন্ত:ৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জাপানৰ টকিঅ‌’ লৈ বুলি উৰা মাৰিব । ২৪ মে’ৰ পৰা ৩০ মে’ লৈকে জাপানৰ চাকুৰা বিজ্ঞান কাৰ্যসুচীত ভাৰতৰ হৈ অংশ গ্ৰহন কৰি ৩০ মে’ৰ নিশা ভাৰতলৈ ওভতি আহিব ছাত্ৰ ছাত্ৰীৰ দলটো । 

উল্লেখ্য যে বিগত ২০২২-২৩ বৰ্ষত ভাৰত চৰকাৰে আয়োজন কৰা নেচনেল মিনচ কাম মেৰিট স্ক’লাৰচিপৰ পৰীক্ষাত ৰূপামনি ওৰাঙে অসমৰ ভিতৰত  প্ৰথম  স্থান  দখল কৰিবলৈ সক্ষম হৈছিল । এই ফলাফলৰ  পিচতেই ৰূপামণি  ওৰাঙক  জাপানৰ চাকুৰা বিজ্ঞান কাৰ্যসুচীৰ  বাবে ৰাজ্যৰ বাকী তিনি গৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে নিৰ্বাচন কপা হয় । ৰূপামনি ওৰাঙ নগাওঁ চামগুৰিৰ বাবুল ওৰাঙৰ কন্যা আৰু বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ পেহীয়েকৰ ঘৰত থাকি বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি আছে ।

********