সাংবাদিকতা আৰু গনমাধ্যমত বোকাখাতৰ যুৱক হিমাঞ্চলৰ সাফল্য :

সাংবাদিকতা আৰু গনমাধ্যমত বোকাখাতৰ যুৱক হিমাঞ্চলৰ সাফল্য  :
Aiidesh Photo

Aiidesh News  : 27 July - 2025 :

বোকাখাতৰ যুৱক হিমাঞ্চল দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘সাংবাদিকতা আৰু গণমাধ্যম’ বিষয়ত অধ্যয়ন কৰি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছে । হিমাঞ্চল দত্ত বোকাখাতৰ  বিশিষ্ট সমাজকৰ্মী, বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি তথা ৰজাবাৰী নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, অসমীয়া খবৰৰ বোকাখাতৰ সংবাদাতা বুবুল দত্ত আৰু শিক্ষয়িত্ৰী বন্দনা দত্তৰ  সন্তান ৷ এজন তাৰ্কিক হিচাপে ইতিমধ্যেই নিজকে প্ৰতিষ্ঠিত  কৰিবলৈ সক্ষম হোৱা হিমাঞ্চল দত্তৰ এই সফলতাই  বোকাখাতবাসীক  আনন্দিত কৰাৰ উপৰিও বিভিন্ন জনে তেওঁক অভিনন্দনো জ্ঞাপন কৰিছে ।

***********