বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম সম্পর্কীয় এদিনীয়া কৰ্মশালা সম্পন্ন :

বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম সম্পর্কীয় এদিনীয়া কৰ্মশালা সম্পন্ন :
বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম সম্পর্কীয় এদিনীয়া কৰ্মশালা সম্পন্ন :

 

বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্রম সম্পর্কীয় এদিনীয়া কৰ্মশালা সম্পন্ন :

Aiidesh News  : 24 June 2023  :

জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত আজি ইংৰাজী ২৪ জুন, ২০২৩ তাৰিখে মহাবিদ্যালয়খনিত রাষ্ট্রীয় শিক্ষানীতি, ২০২০-ৰ আধাৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে চলিত বৰ্ষৰ পৰা বলবৎ কৰিবলৈ লোৱা চাৰি বছৰীয়া স্নাতক পাঠ্যক্রমৰ ফলপ্রসূ বলবৎকৰণ সন্দৰ্ভত এখনি এদিনীয়া কর্মশালা অনুষ্ঠিত হয় ।

মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ড৹ মুকুট হাজৰিকা, মহাবিদ্যালয়ৰ অধ্যক্ষ ড" জয়ন্ত গগৈ, উপাধ্যক্ষ দীপালী ৰাজকুমাৰী, কাজিৰঙা চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰিপ্রসন্ন ডেকা বৰুৱা, চন্দ্ৰ নাথ বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ দত্ত, জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° জয়ন্ত দাস, উপ-সমন্বয়ক ড৹ বিচিত্র হীৰা, চিৰঞ্জীৱ দাহালকে আদি কৰি কেইবা খন মহাবিদ্যালয়ৰ শতাধিক শিক্ষকে অংশগ্রহণ কৰে ।

জে ডি এছ জি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ হৈ সভাৰ আঁত ধৰে  সংশ্লিষ্ট উপ-কোষৰ যৌথ সমন্বয়ক ড০ লিকী ডেকা আৰু ড° অঞ্জলি দেৱীয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ড° জয়ন্ত দাসে । আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে । অধ্যক্ষ ড° হৰিপ্ৰসন্ন ডেকা বৰুৱা আৰু সুৰজিৎ দত্তই অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ।

কৰ্মশালাৰ সমল ব্যক্তি ড০ মুকুট হাজৰিকাই চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম ফলপ্রসূভাবে বলবৎ কৰাৰ বিভিন্ন কাৰিকৰী নিশসমূহৰ ওপৰত বিস্তাৰিতভাৱে আলোকপাত কৰে । অংশগ্রহণকাৰী মহাবিদ্যালয় সমুহৰ  শিক্ষক-শিক্ষয়িত্ৰী সকলে কৰ্মশালাৰ মূল বিষয়ৰ স'তে সম্বন্ধিত বিভিন্ন বিষয় সম্পর্কে সমল ব্যক্তিজনৰ লগত বাৰ্তালাপ কৰে । উল্লেখযোগ্য যে সমগ্ৰ দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়েও এই বছৰৰ পৰা বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ জড়িয়তে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ সকলো প্রস্তুতি শেষ কৰিছে । চলিত বৰ্ষত স্নাতক পর্যায়ত নামভর্তি কৰা সকলো ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্রস্তুত হোৱা এই পাঠ্যক্ৰমৰ অংশীদাৰ হোৱাৰ লগতে এই শিক্ষা নীতিৰ আধাৰত এবছৰৰ পিছতে প্ৰয়োজন আৰু চৰ্ত সাপেক্ষে মহাবিদ্যালয় বা আনুষ্ঠানিক শিক্ষা ত্যাগ কৰাৰ সুবিধাও লাভ কৰিব । এনেদৰে এবছৰত মহাবিদ্যালয় ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীয়ে ডিপ্লমাৰ পৰা আৰম্ভ কৰি চাৰি বছৰত সন্মানসহ গৱেষণাৰ প্ৰাৰম্ভিক পাঠ আহৰণ কৰি যোৱা ডিগ্রীও লাভ কৰিবলৈ সক্ষম হ'ব ৷ লগতে তেওঁলোকে চর্তসাপেক্ষে ভাৰতৰ ভিতৰৰ যিকোনো উচ্চ শিক্ষাৰ প্রতিষ্ঠানলৈকে নিজে অর্জন কৰা ক্রেডিট হস্তান্তৰকৰণৰ সুবিধাও লাভ কৰিব ।

*******